উত্তৰ প্ৰদেশৰ নয়দাত Covid১৯ত আক্রান্ত হৈ প্ৰাণ হেৰুৱালে এগৰাকী অসম সন্তানে। অক্সিজেনৰ অভাৱত জীৱন যুঁজত হাৰি থাকিল এইগৰাকী অসমীয়া অধ্যাপক । বৰপেটাৰ বহৰিৰ ড৹ পংকজ কুমাৰ মেধি নামৰ লোকজনৰ আজি পুৱা কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হয়।
উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ বেনেট বিশ্ববিদ্যালয়ৰ(Bennett University) অধ্যাপক আছিল ড৹ পংকজ কুমাৰ মেধি। মেধি যোৱা ১০দিন ধৰি Covid-19ত আক্রান্ত হৈ গ্ৰেটাৰ নয়ডাৰ চৌহান সঞ্জীৱনী হস্পিতালত চিকিৎসাধীন হৈ আছিল। শৰীৰৰত অক্সিজেনৰ মাত্ৰা কমি যোৱাত তেওঁক কৃত্ৰিম ভাৱে অক্সিজেনৰ প্ৰয়োজন হৈছিল । কিন্তু অক্সিজেনৰ যোগান ধৰিব নোৱাৰাত তেওঁ আজি শেষ নিশ্বাস ত্যাগ কৰে ।
বৰপেটাৰ বহৰিৰ উত্তৰপাৰাৰ গণেশ মেধিৰ পুত্ৰ তথা গুৱাহাটীৰ বেলতলাৰ বাসিন্দা আছিল প্ৰয়াত পংকজ কুমাৰ মেধি।
চুৰাটৰ RECৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিং শেষ কৰি IITৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ তাৰ পিছত PhD কৰি চাকৰি জীৱনৰ পাতনি মেলিছিল মেধিয়ে। প্ৰয়াত মেধি ISM Dhanbadৰ প্ৰাক্তন গৱেষক ছাত্ৰও আছিল । কৰ্ম সুত্ৰেই পৰিয়ালসহ তেওঁ নয়ডাত বাস কৰিছিল । ইহ সংসাৰত তেওঁ ১০ বছৰীয়া এজন পুত্ৰ আৰু পত্নীক এৰি থৈ গৈছে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|