• Home
  • »
  • News
  • »
  • new-delhi
  • »
  • Dhanteras 2021: ধনতেৰাছৰ দিনটোত সোণ ক্ৰয় কৰিব নে কি? এই ৫টা কথাৰ ধ্যান ৰাখক, লাভৰ মুখ দেখিব

Dhanteras 2021: ধনতেৰাছৰ দিনটোত সোণ ক্ৰয় কৰিব নে কি? এই ৫টা কথাৰ ধ্যান ৰাখক, লাভৰ মুখ দেখিব

Dhanteras 2021-এই বছৰৰ ধনতেৰাছ (Dhanteras 2021) বা ধনত্ৰয়োদশী আজি অৰ্থাৎ ২ নৱেম্বৰ, ২০২১ৰ দিনটোত পালন কৰা হ’ব। ধনতেৰাছৰ অৰ্থ হৈছে ধন আৰু সমৃদ্ধি। এই দিনটোত সোণ (Gold), ৰূপ (silver) আৰু বাচন ক্ৰয় কৰিব পাৰে। এই দিনটো দিপাৱলীৰ আৰম্ভনি গণ্য কৰা হয় (Diwali 2021)। আজিৰ দিনটোত সোণ বা অন্যান্য মূল্যৱান ধাতু ক্ৰয়ৰ (Buying gold) কাৰণে এক শুভ দিন গণ্য কৰা হয়।

  • Share this:
নতুন দিল্লীঃ আজি ধনতেৰাছ (Dhanteras 2021) বা ধন ত্ৰয়োদশী। ধনতেৰাছৰ অৰ্থ হৈছে ধন আৰু সমৃদ্ধি। আজিৰ দিনটোত সোণ (Gold), ৰূপ (silver) আৰু বাচন ক্ৰয় কৰা হয়। এই দিনটো দিপাৱলীৰ (Diwali 2021) আৰম্ভনিৰ প্ৰতীক হয় আৰু এই দিনটোক সোণ আৰু অন্যান্য মূল্যৱান ধাতুৰ ক্ষেত্ৰত বিনিয়োগৰ কাৰণে এক শুভ দিন গণ্য কৰা হয়।

যদি আপুনিও এই বছৰৰ কাৰণে সোণৰ বিনিয়োগ কৰিবলৈ আজিৰ দিনটো বাচনি কৰিছে তেনেহ’লে (Gold investment plan) আপোনাৰ কাৰণে ৫টা গুৰুত্বপূৰ্ণ কথা...

  1.  সোণৰ মূল্য নিৰ্ধাৰণঃ সোণৰ বিশুদ্ধতাই আচল কথা। সোণৰ গুণগত মান অনুসৰি ইয়াৰ তফাৎ হয়। ২৪ কেৰেটৰ সোণ সকলোতকৈ শুদ্ধ গুণগত মানৰ হয়। সেইকাৰণে ইয়াৰ মূল্য সৰ্বোচ্ছ হয়। সোণ ক্ৰয় কৰাৰ সময়ত হালধীয়া ধাতুবিধৰ মূল্য জানি ল’ব লাগে কিয়নো বজাৰৰ দৰ প্ৰতি দিনে সলনি হয়। সকলো গহণাৰ বিপণীত উপভোক্তাৰ কাৰণে দৈনিক দৰসমূহ প্ৰদৰ্শিত কৰা হয়।

  2. সদায় হলমাৰ্ক থকা জুৱেলাৰী ক্ৰয় কৰিবঃ হলমাৰ্ক থকা গহণা বিশুদ্ধতাৰ প্ৰতীক হয় আৰু ইয়াক ক্ৰয় কৰাটো সুৰক্ষিত গণ্য কৰা হয়। সোণৰ শুদ্ধতা প্ৰমাণিত কৰাৰ প্ৰক্ৰিয়াক হলমাৰ্কিং কোৱা হয়। ভাৰতীয় মানক ব্যুৰ’ (‍BIS) হলমাৰ্ক সোণ প্ৰমাণিত কৰাৰ এজেন্সী।

  3. শুদ্ধতাৰ স্তৰ জানকঃ সোণৰ শুদ্ধতাক কেৰেটত ব্যক্ত কৰি হয়। যেনে ২৪ কেৰেট সোণ ৯৯.৯ শতাংশ শুদ্ধ গণ্য কৰা হয় আনহাতে ২২ কেৰেট সোণ ৯২শতাংশ শুদ্ধ হয়। সোণ বা সোণৰ যিকোনো গহণা ক্ৰয় কৰাৰ সময়ত তাৰ শুদ্ধতাৰ পৰীক্ষা কৰিহে মূল্য ভৰিব।

  4. মেকিং চাৰ্জ পৰীক্ষা কৰকঃ মেকিং চাৰ্জ (Gold making charges) সোণৰ গহণাৰ ক্ষেত্ৰত লগোৱা শ্ৰম মূল্য (labour charges) হয়। যিটো প্ৰকাৰ আৰু ডিজাইনৰ ওপৰত নিৰ্ভৰ কৰে। উল্লেখ্য যে, মেচিনত প্ৰস্তুত কৰা সোণৰ গহণা মানুহে প্ৰস্তুত কৰা সোণৰ গহণাৰ তুলনাত সস্তা হয় কাৰণে মেচিনৰ ক্ষেত্ৰত শ্ৰম কম। আনহাতে বহু জুৱেলাৰী ষ্ট’ৰত মেকিং চাৰ্জৰ ওপৰত এক নিৰ্দিষ্ট ৰেহাই দিয়া হয়। গতিকে গহণা ক্ৰয় কৰাৰ পূৰ্বে এবাৰ অফাৰসমূহ আৰু মেকিং চাৰ্জ পৰীক্ষা কৰি ল’ব।

  5. সঠিক ওজনৰ পৰীক্ষাঃ ভাৰতত বেছিভাগ সোণৰ গহণা ওজনৰ হিচাপত প্ৰস্তুত কৰা হয়। অৱশ্যে হীৰা আৰু পান্নাৰ দৰে মূল্যৱান পাথৰে ইয়াক গধূৰ কৰি তোলে। সেইকাৰণে সম্পূৰ্ণ ওজনৰ লগত সোণৰ সঠিক ওজন পৰীক্ষা কৰি লওক। সোণ ক্ৰয় কৰোতে ওজন চাবলৈ ভুলতো নাপাহৰিব। ওজনৰ সামান্য লৰক–ফৰকে আপোনাৰ ক্ৰয় মহঙা কৰিব পাৰে।

First published: