মুখ্যপৃষ্ঠা »খবৰ »নতুন দিল্লী »অসম চৰকাৰে দিল্লী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব পৰাকৈ HS পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী দিল্লীৰ সদৌ অসমীয়া ছাত্ৰ সংস্থাৰ...

অসম চৰকাৰে দিল্লী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব পৰাকৈ HS পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী দিল্লীৰ সদৌ অসমীয়া ছাত্ৰ সংস্থাৰ...

অসম চৰকাৰৰ পৰীক্ষা পতাৰ সময়সূচীৰ বিৰোধিতা কৰিছে নতুন দিল্লীৰ সদৌ অসমীয়া ছাত্ৰ সংস্থাই । সংস্থাৰ সাধাৰণ সম্পাদক মৃগেনজ্যোতি কাশ্যপে শিক্ষা বিভাগৰ এই পদক্ষেপে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ দেশৰ আগশাৰীৰ মহাবিদ্যালয় এখনত পঢ়িম বুলি ভবা শিক্ষাৰ্থীৰ জীৱনলৈ অমানিশা নমাই আনিব বুলি মন্তব্য কৰে ।

অসম চৰকাৰৰ পৰীক্ষা পতাৰ সময়সূচীৰ বিৰোধিতা কৰিছে নতুন দিল্লীৰ সদৌ অসমীয়া ছাত্ৰ সংস্থাই । সংস্থাৰ সাধাৰণ সম্পাদক মৃগেনজ্যোতি কাশ্যপে শিক্ষা বিভাগৰ এই পদক্ষেপে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ দেশৰ আগশাৰীৰ মহাবিদ্যালয় এখনত পঢ়িম বুলি ভবা শিক্ষাৰ্থীৰ জীৱনলৈ অমানিশা নমাই আনিব বুলি মন্তব্য কৰে ।

  • Share this:
যোৱা ৮জুন তাৰিখে অসম চৰকাৰৰ প্ৰতিনিধিৰ সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু আন-আন অংশীদাৰৰে হোৱা বৈঠকৰ অন্তত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অহা জুলাই মাহৰ প্ৰথম সপ্তাহত পতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । লগতে ছেপ্টেম্বৰৰ ৫ তাৰিখৰ ভিতৰত ফলাফল ঘোষণা তথা নম্বৰ তালিকা বিতৰণ কৰা হ’ব বুলি ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুয়ে অৱগত কৰিছে ।

অসম চৰকাৰৰ পৰীক্ষা পতাৰ এই সময়সূচীৰ বিৰোধিতা কৰিছে নতুন দিল্লীৰ সদৌ অসমীয়া ছাত্ৰ সংস্থাই । সংস্থাৰ সাধাৰণ সম্পাদক মৃগেনজ্যোতি কাশ্যপে অসমৰ শিক্ষা বিভাগৰ এই পদক্ষেপে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ দেশৰ আগশাৰীৰ মহাবিদ্যালয় এখনত পঢ়িম বুলি ভবা শিক্ষাৰ্থীৰ জীৱনলৈ অমানিশা নমাই আনিব বুলি মন্তব্য কৰে । তেওঁ কয় যিহেতু দিল্লী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতক শ্ৰেণীৰ নামভৰ্তিৰ প্ৰক্ৰিয়া অহা ১৫জুলাইৰ পৰা আৰম্ভ কৰিব তেনে স্থলত অসম শিক্ষা সংসদৰ ছাত্ৰী-ছাত্ৰীয়ে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব; কাৰণ তেওঁলোকৰ হাতত মাৰ্কছীট নাথাকিব ।

আনহাতে সংস্থাৰ সভাপতি শুভ্ৰজ্যোতি দুৱৰাই কয় – দিল্লী বিশ্ববিদ্যালয়ে CBSE নতুবা অন্য ৰাজ্যৰ শিক্ষা বোর্ড সমূহে জুলাইৰ ১৫ তাৰিখে পৰীক্ষা পাতি বা বিকল্প মূল্যায়ন কৰি ফলাফল ঘোষণা কৰিব পাৰিব বুলি ভাবি এই পদক্ষেপ হাতত লৈছে । যদিহে CBSE আৰু বোৰ্ড সমূহে সেই ধৰণে ফলাফল ঘোষণা কৰে তেন্তে কেৱল অসমৰ কাৰণে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নামভৰ্তি পিছুৱাই নিদিয়ে ।

গতিকে দিল্লীৰ অসমীয়া ছাত্ৰ ছাত্ৰীক প্ৰতিনিধিত্ব কৰা সংগঠনটোৱে অসমৰ শিক্ষা মন্ত্ৰীক এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি উচিত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী জনাইছে । উল্লেখযোগ্য যে, প্ৰতিবছৰে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয় সমূহত নামভৰ্তি কৰিবলৈ অসমৰ পৰা বহু হেজাৰ শিক্ষাৰ্থী আহে । পূৰ্বেও শিক্ষা সংসদৰ লেহেমীয়া গতিৰ কাৰণে নম্বৰ তালিকা জমা দিব নোৱাৰি অসমৰ ছাত্ৰ ছাত্ৰীয়ে দিল্লী বিশ্ববিদ্যালয়ত চৰ্ত সাপেক্ষে নামভৰ্তি লোৱাৰ উদাহৰণ আছে । অৱশ্যে যোৱা কিছু বছৰ ধৰি সংসদে উচিত সময় মতে ফলাফল ঘোষণা কৰি আহিছে । এইবাৰ অৱশ্যে Covid-19 মহামাৰীৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ কাৰণে এনে সমস্যাৰ সৃষ্টি হৈছে ।

শেহতীয়া বাতৰি