Covid-19 মহামাৰীয়ে দেশত সৃষ্টি কৰা পৰিৱেশে প্ৰভাৱ পেলাইছে ছাত্ৰ-ছাত্ৰীৰ জীৱনত । ভালেমান দিন নিজৰ পঢ়াশালিখনলৈ যাব নোৱাৰি; সহপাঠীক লগ নাপাই চাপত ভুগিছে ছাত্ৰ-ছাত্ৰীসকল । প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ হস্তক্ষেপত CBSEৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা বাতিল হোৱাত বিদ্যাৰ্থী, অভিভাৱক তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে নিঃসন্দেহে স্বস্তিৰ নিশ্বাস পেলাইছে । কিন্তু বিকপ্ল মূল্যায়ন ব্যৱস্থা কি ধৰণৰ; এই ব্যৱস্থাৰ যোগেদি মনে বিচৰা কলেজখনত নামভৰ্তি কৰিব পৰা যাব নে নাই এনেবোৰ প্রশ্নই এতিয়া চিন্তিত কৰি তুলিছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক ।
সাধাৰণতে প্ৰতি বছৰে মে’/জুনত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হয় । সমগ্ৰ দেশৰে মেধাৱী ছাত্র-ছাত্ৰীয়ে তেনে এখন কলেজত পঢ়াৰ সপোন বুকুত বান্ধি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হয় । কাৰণ এই পৰীক্ষাৰ ফলাফলৰ ভিত্তিত হয় এই নামভৰ্তি । কিন্তু এইবাৰ কেনেদৰে হ’ব নামভৰ্তি ?
আজি দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়াৰ অধ্যক্ষ প্ৰফেছৰ ৰাজীৱ গুপ্তাই News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তেওঁ কয় দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজ সমূহত নামভৰ্তিৰ কাৰণে আবেদন পত্ৰ ১৫জুলাইৰ আশে-পাশে গ্ৰহণ কৰা হ’ব । প্ৰ-পত্ৰ গ্ৰহণ কৰাৰ ১৫দিনৰ পিছত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ । এই সমগ্র প্ৰক্ৰিয়া অনলাইন যোগে প্ৰৱৰ্তন হ’ব । পৰীক্ষা পাতি বা বিকল্প মূল্যায়নৰে নম্বৰ দিয়াটো শিক্ষা বোৰ্ডসমূহৰ কাম । সেই নম্বৰসমূহৰ ভিত্তিতে নামভৰ্তি কৰা হ’ব ।
অন্যহাতেদি দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পিচি যোশীয়ে News18ক জনোৱা মতে নামভৰ্তি বিভাগে এক ফলপ্ৰসূ ব্যৱস্থাৰ যোগেদি এই প্ৰক্ৰিয়া সুচাৰুৰূপে আগবঢ়াই লৈ যাব । প্ৰত্যেক খন শিক্ষা বোৰ্ডৰ মূল্যায়ন কৰাৰ পদ্ধতি পৃথক । গতিকে বিভিন্ন ৰাজ্যৰ বিভিন্ন শিক্ষা বোর্ডৰ পৰা অহা প্ৰত্যাশীয়ে কোনো বৈষম্যৰ সন্মুখীন যাতে নহয় ইয়াৰ ওপৰত দৃষ্টি ৰখা হ’ব । উপাচাৰ্যগৰাকীয়ে যি প্ৰকাৰৰে নহওঁক (পৰীক্ষা পাতি বা নাপাতি) উৎকৃষ্ট ছাত্ৰ-ছাত্ৰীক উৎকৃষ্ট নম্বৰ দিবলৈ বোৰ্ড সমূহক আহ্বান জনায় । অৱশ্যে উপাচাৰ্যগৰাকীয়ে নামভৰ্তিৰ কাৰণে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব নেকি এই সন্দৰ্ভত কোনো স্পষ্ট মন্তব্য প্ৰদান নকৰিলে ।
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ৫ছেপ্টেম্বৰৰ ভিতৰত সমাপ্ত কৰিব উঃমাঃ পৰীক্ষা
চৰকাৰৰ গাইডলাইন অনুসৰি ৫ ছেপ্তেম্বৰৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা শেষ কৰিবলৈ সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) । জুনৰ ২ তাৰিখে শিক্ষা সংসদৰ নতুন অধ্যক্ষৰূপে দায়িত্বভাৰ গ্ৰহণ কৰি এই ঘোষণা কৰে ডঃ ৰুক্ম গোহাঁই বৰুৱাই। তেওঁ কয়, "মোৰ ডাঙৰ প্ৰত্যাহ্বান হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰা।" কোভিড নীতি-নিৰ্দেশনা মানি পৰীক্ষা সুচাৰুৰূপে আয়োজন কৰাটোৱেই মূল লক্ষ্য বুলি কয় নতুন অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই। আনহাতে যদিহে পৰীক্ষা বাতিল হয় তেন্তে CBSE সদৃশ বিকল্প মূল্যায়নৰ পদ্ধতি শিক্ষা সংসদে গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে সচিব ৰমেশ চন্দ্ৰ চুতীয়াই ।
কিন্তু যদিহে ৫ছেপ্টেম্বৰৰ ভিতৰত ফলাফল ঘোষণা কৰে তেনেস্থলত অসমৰ মেধাৱী ছাত্ৰ-ছাত্ৰী সকল দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকাই দেখা দিছে । লগতে প্ৰধানমন্ত্ৰীয়ে CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ পিছতো মধ্য প্ৰদেশ আৰু হাৰিয়ানা আদি ৰাজ্যই বাতিল কৰিছে নিজ ৰাজ্য শিক্ষা বোৰ্ডৰ পৰীক্ষা । গতিকে অসমত পৰীক্ষা পাতি প্রতিষেধক নোলোৱাকৈ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ লগত আপোচ কৰা হ’ব পাৰে বুলিও প্ৰশ্ন উত্থাপন হৈছে ।
Published by: Kokil Sarma
FIRST PUBLISHED : June 02, 2021, 22:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।