২৭বছৰে সংবাদৰ প্ৰহৰী হৈ, সহস্ৰ গুণমুগ্ধক অশ্ৰুসিক্ত কৰি Covid-19ত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিলে দিল্লীৰ বিশিষ্ট সাংবাদিক কল্যাণ বৰুৱাই
২৭বছৰে সংবাদৰ প্ৰহৰী হৈ, সহস্ৰ গুণমুগ্ধক অশ্ৰুসিক্ত কৰি Covid-19ত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিলে দিল্লীৰ বিশিষ্ট সাংবাদিক কল্যাণ বৰুৱাই
দিল্লীত প্ৰায় ২৭বছৰ জোৰা এক দীঘলীয়া পৰিক্ৰমাত কল্যাণ বৰুৱাই এক সুকীয়া স্থান দখল কৰিছিল । সমগ্ৰ দেশত আলোড়ন সৃষ্টি কৰিব পৰা বহু কেইটা Exclusive Story তেওঁৰ কলমত প্ৰকাশ পাইছিল ।
দিল্লীত প্ৰায় ২৭বছৰ জোৰা এক দীঘলীয়া পৰিক্ৰমাত কল্যাণ বৰুৱাই এক সুকীয়া স্থান দখল কৰিছিল । সমগ্ৰ দেশত আলোড়ন সৃষ্টি কৰিব পৰা বহু কেইটা Exclusive Story তেওঁৰ কলমত প্ৰকাশ পাইছিল ।
ক’ৰোনা মহামাৰীয়ে প্ৰাণ ল’লে আৰু এগৰাকী সাংবাদিকৰ । গুৰুগ্ৰামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে দিল্লীৰ জেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাই । তেওঁ দিল্লীত বিগত ২৭বছৰ ধৰি The Assam Tribune কাকতৰ বিশেষ সংবাদদাতা হিচাপে দায়িত্ব পালন কৰি আছিল । তেওঁৰ পত্নী নীলাক্ষী ভট্টাচাৰ্যৰ এদিন পূৰ্বে Covid-19ত আক্রান্ত হৈ মৃত্যু হয় । ভট্টাচাৰ্য The Times Of India কাকতৰ সহযোগী সম্পাদক হিচাপে কৰ্মৰত হৈ আছিল । ইহসংসাৰত তেওঁলোকে এগৰাকী ২০বছৰীয়া কন্যা সন্তান এৰি থৈ গৈছে ।
দিল্লীত প্ৰায় ২৭বছৰ জোৰা এক দীঘলীয়া পৰিক্ৰমাত কল্যাণ বৰুৱাই এক সুকীয়া স্থান দখল কৰিছিল । সমগ্ৰ দেশত আলোড়ন সৃষ্টি কৰিব পৰা বহু কেইটা Exclusive Story তেওঁৰ কলমত প্ৰকাশ পাইছিল । ইন্দ্ৰ কুমাৰ গুজৰালৰ পৰা মনমোহন সিঙলৈ প্ৰতিজন প্ৰধানমন্ত্ৰীৰ একাধিক বিদেশ ভ্রমণৰ সাক্ষী আছিল বৰুৱা । বাতৰি সংগ্রহৰ কাৰণে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ সহযাত্ৰী হৈছিল তেওঁ বহুবাৰ । Press Council of Indiaৰ দুবাৰকৈ সদস্যৰ দায়িত্ব পালন কৰাৰ উপৰিও, বৰুৱা মৃত্যু পর্যন্ত Press Club of Indiaৰ নিৰ্বাচিত কাৰ্যকৰী সদস্য আছিল আৰু North East Media Forumৰ সভাপতি হৈ আছিল ।