দেশৰ ৰাজধানী দিল্লীত আম আদমী পাৰ্টী চৰকাৰে ক’ৰোনাক লৈ গুৰুত্ব প্ৰদান কৰি এটা ডাঙৰ সিদ্ধান্ত লৈছে। ইয়াৰ অধীনত চৰকাৰী বিদ্যালয়ৰ সকলো শিক্ষককে ৩১ ডিচেম্বৰৰ পৰা ১৫ জানুৱাৰীলৈ দিল্লী বিমানবন্দৰত নিযুক্তি দিয়া হ’ব। যাতে বিমানবন্দৰত যাত্ৰীসকলে ক'ভিড নিৰ্দেশনা মানি চলাটো নিশ্চিত কৰিব পাৰে। এই সময়ছোৱাত শীতকালীন ছুটীৰ বাবে দিল্লীত বিদ্যালয় বন্ধ থাকিব। এনে পৰিস্থিতিত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলে যাতে ক'ভিডৰ পৰা সুৰক্ষাৰ বাবে নিৰ্দেশনা মানি চলিব পাৰে তাৰ বাবে শিক্ষক নিয়োগ কৰা হ’ব।
এই সময়ছোৱাত বিদ্যালয়সমূহত ল’ৰা-ছোৱালীৰ বাবে বন্ধ থাকিব। ইয়াৰ ফলত শিশুসকলৰ শিক্ষাৰ ক্ষেত্ৰতো কোনো ক্ষতি নহ’ব। উল্লেখযোগ্য যে দিল্লী বিমানবন্দৰত ক'ৰোনা পৰীক্ষা আৰম্ভ হোৱাৰ পৰাই বহিঃৰাজ্যৰ পৰা অহা বহু যাত্ৰী ক'ৰোনা আক্ৰান্ত হোৱা দেখা গৈছে। দিল্লী চৰকাৰে শিক্ষক নিয়োগ কৰাৰ উদ্যোগ লৈছে। বিমানবন্দৰৰ বাহিৰত সাধাৰণ মানুহৰ লগত মিহলি হৈ ক’ৰোনা সংক্ৰমণ ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
দিল্লী মহানগৰ পশ্চিমে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ হৈ এই নিৰ্দেশ জাৰি কৰিছে। মুঠ ১৬ দিনৰ বাবে বিভিন্ন শ্বিফটত কৰ্তব্যৰত থাকিব ৮৫ গৰাকী শিক্ষক। আচলতে কিছুমান দেশত ক'ৰোনাৰ সংক্রমণ বৃদ্ধি পোৱা দেখি দিল্লীৰ বিষয়াসকলে নিজেই ইয়াৰ সকলো চৰকাৰী চিকিৎসালয়লৈ গৈ যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোকৰ প্রস্তুতিৰ বুজ ল’ব৷ একে সময়তে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত মঙলবাৰে দিল্লীৰ সকলো চৰকাৰী চিকিৎসালয়ত মক ড্ৰিলৰ আয়োজন কৰা হ’ব।
কিছু দেশত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে উদ্ভৱ হোৱা আশংকাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে সোমবাৰে চিকিৎসালয়ৰ বাবে সাধাৰণ ঔষধ ক্ৰয় কৰিবলৈ তথা যিকোনো জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ ১০৪ কোটি টকাৰ বাজেটত অনুমোদন জনায়। পৰ্যালোচনা বৈঠকত উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই চৰকাৰী চিকিৎসালয়ৰ মুৰব্বীসকলক বিচনা, ভেন্টিলেটৰ, আই চি ইউ, মানৱ সম্পদ, অক্সিজেন প্লাণ্ট আৰু চিকিৎসা সঁজুলিৰ সবিশেষ সন্ধিয়াৰ ভিতৰত স্বাস্থ্য বিভাগৰ সৈতে ভাগ-বতৰা কৰিবলৈ নিৰ্দেশ দিয়ে।
Published by: Subham Goswami
FIRST PUBLISHED : December 26, 2022, 22:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।