মঙলবাৰে পুৱা দিল্লীৰ নাৰেলা ঔদ্যোগিক এলেকাত ব্যাপক অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৮ জন লোক আহত হয়। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি ১০ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ততাতৈয়াকৈ সেই স্থানলৈ প্ৰেৰণ কৰা হয় আৰু অগ্নিনিৰ্বাপক অভিযান অব্যাহত আছে।
এই পৰ্যন্ত প্ৰায় ২০ জন লোকক উদ্ধাৰ কৰাৰ বিপৰীতে আৰু ৮ ৰ পৰা ১০ জন লোক এতিয়াও ভিতৰত আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে বুলি জানিব পৰা গৈছে। উপ-আৰক্ষী সঞ্চালক ডি কে মাহলায়ে প্ৰকাশ কৰা অনুসৰি, "২০ জন লোকক উদ্ধাৰ কৰা হৈছে, ইয়াৰে ১৮ জন আহত আৰু ২ জনৰ মৃত্যু হৈছে।"