জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী দেবাংগনাক দিল্লী আৰক্ষীয়ে ২০২০চনৰ মে’ মাহত গ্ৰেপ্তাৰ কৰিছিল
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী দেবাংগনাক দিল্লী আৰক্ষীয়ে ২০২০চনৰ মে’ মাহত গ্ৰেপ্তাৰ কৰিছিল
অৱশেষত মুকলি আকাশৰ তললৈ আহিল দেবাংগনা কলিতা । আজি দিল্লী উচ্চ ন্যায়ালয়ে দেবাংগনা কলিতাৰ জামিন মঞ্জুৰ কৰে । দেবাংগনাৰ লগতে জামিন লাভ কৰিলে নাটাশা নাৰৱালে । দুয়োগৰাকী জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰীক দিল্লী আৰক্ষীয়ে ২০২০ চনৰ মে’ মাহত গ্ৰেপ্তাৰ কৰিছিল । উচ্চ ন্যায়ালয়ে ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ড (personal bond)ত দুয়োকে জামিন প্ৰদান কৰে আৰু আৰক্ষীয়ে চলাই থকা তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ নিৰ্দেশ দিয়ে । দুয়োকে আদালতৰ অনুমতি অবিহনে বিদেশলৈ নাযাবলৈও নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে ।
২০২০ৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত দুয়োগৰাকীয়ে দিল্লীত নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল । প্ৰতিবাদ হিংসাত্মক হৈ পৰাত বহু লোকৰ মৃত্যু হৈছিল । দিল্লী আৰক্ষীয়ে দুয়োৰে বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (Unlawful Activities Prevention Act)ৰ অধীনত গোচৰ ৰুজু কৰিছিল । আজি জামিয়া মিলিয়া ইছলামীয়াৰ ছাত্ৰ আছিফ ইকবাল তানহাইও জামিন লাভ কৰিছে । যোৱা এবছৰৰ অধিক কাল দেবাংগনা তিহাৰ জেলত বন্দী হৈ আছিল । দেবাংগনা অসমৰ ডিব্ৰুগড় জিলাৰ ছোৱালী।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|