• Home
  • »
  • News
  • »
  • new-delhi
  • »
  • Body Massage : মহিলাই পুৰুষক বা পুৰুষে মহিলাক মালিচ দিয়াটো বেআইনী নহয়; বেশ্যা বৃত্তিৰে নাই ইয়াৰ কোনো যুক্তি সংগত সংযোগ: দিল্লী উচ্চ ন্যায়ালয়

Body Massage : মহিলাই পুৰুষক বা পুৰুষে মহিলাক মালিচ দিয়াটো বেআইনী নহয়; বেশ্যা বৃত্তিৰে নাই ইয়াৰ কোনো যুক্তি সংগত সংযোগ: দিল্লী উচ্চ ন্যায়ালয়

Body Massage : দিল্লী চৰকাৰৰ Cross Gender Massaging নিষিদ্ধকৰণৰ নিৰ্দেশত স্থগিতাদেশ জাৰী দিল্লী উচ্চ ন্যায়ালয়ৰ

Body Massage : দিল্লী চৰকাৰৰ Cross Gender Massaging নিষিদ্ধকৰণৰ নিৰ্দেশত স্থগিতাদেশ জাৰী দিল্লী উচ্চ ন্যায়ালয়ৰ

Body Massage : দিল্লী চৰকাৰৰ Cross Gender Massaging নিষিদ্ধকৰণৰ নিৰ্দেশত স্থগিতাদেশ জাৰী দিল্লী উচ্চ ন্যায়ালয়ৰ

  • Share this:
দিল্লী উচ্চ ন্যায়ালয়ে (Delhi High Court) বৃহস্পতিবাৰে মহিলাই পুৰুষক বা পুৰুষে মহিলাক (Cross Gender Massage) মালিচ দিয়া নিষিদ্ধ কৰা দিল্লী চৰকাৰৰ নিৰ্দেশত স্থগিতাদেশ জাৰী কৰে । এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে কয় – Cross Gender Massaging-ত প্রতিবন্ধকতা আৰু বেশ্যা বৃত্তিৰ প্ৰতিৰোধৰ মাজত কোনো যুক্তি সংগত সংযোগ নাই । উল্লেখযোগ্য যে দিল্লী চৰকাৰে মহানগৰীৰ ব্যক্তিগত খণ্ডৰ Spa আৰু Wellness Centre সমূহত মহিলাই পুৰুষক মালিচ দিয়া নিষিদ্ধ কৰিছিল ।

এই নিৰ্দেশৰ প্ৰত্যাহ্বান জনাই Spa Centreৰ মালিক আৰু চিকিৎসকৰ এটা গোটে উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল । গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ ৰেখা পল্লীয়ে কয় – এই খণ্ডত কৰ্মৰত লোকসকলৰ জীৱিকাৰ কথা এবাৰো নাভাৱি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।  জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী শুনানিলৈকে দিল্লী চৰকাৰৰ নিৰ্দেশ স্থগিত ৰখাৰ নির্দেশ দি ন্যায়ালয়ে আৰক্ষীক অনুজ্ঞাপত্ৰ বিহীন Spa সমূহ বন্ধ কৰিবলৈও নিৰ্দেশ দিছে ।

ন্যায়াধীশ গৰাকীয়ে প্ৰথম দৰ্শনত Cross Gender Massageৰে  মানৱ সৰবৰাহ বা বেশ্যা বৃত্তিৰে কোনো সংযোগ নাই বুলি মন্তব্য কৰি কয় - চৰকাৰে গ্ৰহণ কৰা প্ৰতিকাৰ বাস্তৱ সন্মত নহয়   । আনহাতে চৰকাৰী অধিবক্তাই প্ৰদান কৰা তথ্য  - “দিল্লীত ৫০০০ অবৈধ Spa আছে; যত চৰকাৰে মাত্ৰ ৪০০খনক অনুজ্ঞাপত্ৰ আছে” ৰ প্ৰত্যুত্তৰ দি উচ্চ ন্যায়ালয়ে কয় এই তথ্য নিষিদ্ধকৰণৰ কোনো ভিত্তি হ’ব নোৱাৰে । বৰঞ্চ চৰকাৰৰ অনুজ্ঞাপত্ৰ নথকা Spa সমূহ বন্ধ কৰা আৰু থকা সমূহে যাতে আইন বিৰোধী কাম নকৰে সেই কথা সুনিশ্চিত কৰাতোহে দায়িত্ব হ’ব লাগে ।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published: