• Home
  • »
  • News
  • »
  • new-delhi
  • »
  • Covid-19: দিল্লীত চতুৰ্থ ঢৌৰ ভয় ! আক্ৰান্তৰ সংখ্যা আজিও ১০০০ অতিক্ৰম, দুজনৰ মৃত্য়ু ...

Covid-19: দিল্লীত চতুৰ্থ ঢৌৰ ভয় ! আক্ৰান্তৰ সংখ্যা আজিও ১০০০ অতিক্ৰম, দুজনৰ মৃত্য়ু ...

File Photo

File Photo

ৰাজধানী দিল্লীত ক'ৰোনা ভাইৰাছৰ গতি পুনৰ তীব্ৰতৰ হৈছে। দিল্লীত, যোৱা ২৪ ঘণ্টাত কোভিডৰ ১,০৯৪ টা নতুন ঘটনা (Covid Positive) প্ৰতিবেদিত হৈছে, আনহাতে দুজন লোকৰ মৃত্যু হৈছে।

  • Share this:
যদি আপুনি mask পিন্ধা বন্ধ কৰিছে, তেন্তে ইয়াক পুনৰ আপোনাৰ অভ্যাসত অন্তৰ্ভুক্ত কৰক, কিয়নো ৰাজধানী দিল্লীত ক'ৰোনা ভাইৰাছৰ গতি পুনৰ তীব্ৰতৰ হৈছে। দিল্লীত, যোৱা ২৪ ঘণ্টাত কোভিডৰ ১,০৯৪ টা নতুন ঘটনা (Covid Positive) প্ৰতিবেদিত হৈছে, আনহাতে দুজন লোকৰ মৃত্যু হৈছে। একে সময়তে, ৬৪০ জন কৰোনা সংক্ৰমিত আৰোগ্য হৈছে আৰু ঘৰলৈ গৈছে। দিল্লীত কোৰোনা ভাইৰাছৰ মুঠ সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৩,৭০৫ ত উপনীত হৈছে।



যোৱা কেইদিনমানৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীত কোৰোনা ভাইৰাছৰ ঘটনা আৰু সংক্ৰমণৰ হাৰ বৃদ্ধি পাই আহিছে। দিল্লীত বৃহস্পতিবাৰে ৯৬৫ টা নতুন ঘটনা আৰু এজন ৰোগীৰ মৃত্যু নথিভুক্ত কৰা হৈছিল, আনহাতে সংক্ৰমণৰ নতুন ঘটনাৰ সংখ্যা বুধবাৰে এদিন আগতে ১০০০ৰ সীমা অতিক্ৰম কৰিছিল।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি