ৰাজধানী দিল্লীত Coronaৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি মঙলবাৰে এক উদ্বেগজনক স্তৰত উপনীত হৈছে। মঙলবাৰে স্বাস্থ্য বিভাগে ভাগ বতৰা কৰা তথ্য অনুসৰি, দিল্লীত (Delhi) যোৱা ২৪ ঘণ্টাত নতুন Covid ঘটনাত প্ৰায় ২৬ শতাংশ বৃদ্ধি আৰু ৬৩২ টা নতুন ঘটনা নথিভুক্ত কৰা হৈছে। আনহাতে পজিটিভিটী হাৰ ৪.৪২ শতাংশলৈ বৃদ্ধি হৈছে। অৱশ্যে, কোৱা হৈছে যে চহৰখনত কোৰোনা ভাইৰাছৰ ফলত দিনটোত কোনো লোকৰ মৃত্যু হোৱা নাই।
বিভাগটোৱে কৈছে যে ৬৩২ টা নতুন কোভিড ঘটনাৰ প্ৰতিবেদন পোৱা গৈছে আৰু ইতিবাচকতাৰ হাৰ ৪.৪২ শতাংশ। সোমবাৰে ৫০১ টা আক্ৰান্তৰ ঘটনা আৰু মৃত্যুৰ এটাও ঘটনা প্ৰতিবেদিত হোৱা নাছিল। আনহাতে ইতিবাচকতাৰ হাৰ আছিল ৭.৭২ শতাংশ। ৰাষ্ট্ৰীয় ৰাজধানীত দেওবাৰে ৫১৭ টা ঘটনাৰ সৈতে ৪.২১ শতাংশ ইতিবাচকতাৰ হাৰ নথিভুক্ত কৰা হৈছিল।
Published by: Kokil Sarma
FIRST PUBLISHED : April 19, 2022, 22:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।