মুখ্যপৃষ্ঠা » খবৰ

» নতুন দিল্লী

»সংসদৰ অধিৱেশনত শাসক-বিৰোধীৰ সংঘাত ! পানীত পৰিল ৰাইজৰ ১৩৩কোটি টকা...

সংসদৰ অধিৱেশনত শাসক-বিৰোধীৰ সংঘাত ! পানীত পৰিল ৰাইজৰ ১৩৩কোটি টকা...

News18 Assam | News18-Assam
Updated:August 1, 2021, 12:00 AM IST
সংসদৰ অধিৱেশনত শাসক-বিৰোধীৰ সংঘাত ! পানীত পৰিল ৰাইজৰ ১৩৩কোটি টকা...
সংসদৰ চলিত বর্ষাকালীন অধিৱেশনত শাসক-বিৰোধীৰ অবিৰত ৰাজনৈতিক সংঘাতৰ ফলত ব্যাপক ব্যাঘাত পৰিলক্ষিত হৈছে । শনিবাৰে কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে ১৩৩কোটিৰো অধিক ৰাজকোষৰ ধন ইয়াৰ ফলত অপব্যয় হৈছে ।

  • Share this:

বিগত জুলাইৰ ১৯ তাৰিখে সংসদৰ বর্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰে পৰা কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীয়ে উভয় সদনত বিভিন্ন বিষয়ৰ ওপৰত আলোচনাৰ দাবী উত্থাপন কৰি সদনত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰি আছে ।

যোৱা ১৯জুলাইৰ পৰা ৩০জুলাইলৈ লোকসভা পৰিচালনা হ’ব লাগিছিল ৫৪ঘণ্টাৰ কাৰণে কিন্তু ইয়াৰ বিপৰীতে মাত্ৰ ৭ঘণ্টাৰ কাৰণে লোকসভা পৰিচালনা হৈছে । আনহাতে ৰাজ্যসভা পৰিচালনা হ’ব লাগিছিল ৫৩ঘণ্টাৰ কাৰণে কিন্তু চলিছে মাত্ৰ ১১ঘণ্টাৰ কাৰণে । চৰকাৰৰ সূত্ৰই জানিবলৈ দিয়া মতে সংসদৰ উভয় সদন এই সময়ছোৱাত চলিব লাগিছিল ১০৭ঘন্টাৰ কাৰণে আৰু চলিছে ১৮ঘণ্টাৰ কাৰণে । ফলত সংসদৰ ৮৯ঘণ্টাৰ মূল্যৱান সময় নষ্ট হৈছে যাৰ ফলত পানীত পৰিছে ১৩৩কোটি টকাৰ ৰাইজৰ ধন ।

উল্লেখযোগ্য যে, কিছুদিনৰ আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে সংসদৰ কাম কাজ চলিবলৈ নিদিয়াৰ কাৰণে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰিছিল । বিৰোধীয়ে phone tapping, বিতৰ্কিত কৃষি আইন, Covid-19 মহামাৰী আদি বিভিন্ন বিষয়ত সংসদৰ মজিয়াত আলোচনাৰ দাবী উত্থাপন কৰি সদনৰ ভিতৰে বাহিৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । আগষ্টৰ ১৩ তাৰিখলৈ চলিবলগীয়া অধিৱেশনৰ বাকী থকা দিন কেইটাত এতিয়া কি হয় সেয়া হৈ পৰিছে প্ৰশ্নৰ বিষয় ।
Published by: Kokil Sarma
First published: August 1, 2021, 12:00 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি