হোজাই জিলাৰ উদালীত ডা৹ সেউজ কুমাৰ সেনাপতিৰ ওপৰত দুষ্কৃতিকাৰীৰ অকথ্য আক্ৰমণ দৃষ্টিগোচৰ হ’ল ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ দিল্লীৰ মুখ্য কাৰ্যালয়ত গোচৰ তৰিলে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা স্নেহা কলিতাই ।
NHRCত ১৪২/৩/২৯/২০২১ নম্বৰৰে গোচৰ ৰুজু হোৱা বুলি জানিবলৈ দিছে অধিবক্তা কলিতাই । ডা৹ সেনাপতিক হোজাই জিলাৰ উদালি মডেল চিকিৎসালয়ত কৰ্তব্যৰত অৱস্থাত এদল লোকে বৰ্বৰভাৱে মাৰ-ধৰ কৰিছিল ।
এজন কোভিড ৰোগীৰ মৃত্যুৰ পাছতে চিকিৎসকজনক একাংশ লোকে নৃশংসভাৱে কৰা আক্ৰমণৰ ঘটনাই অসমতেই নহয় সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে এই আক্ৰমণৰ ঘটনাত ডা৹ সেনাপতিৰ লগতে বলি হৈছিল ললিতা ভৰালী নামৰ এগৰাকী নাৰ্ছো।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|