உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • new-delhi
    • »
    • OPPO A55 Review: মাত্ৰ 15হাজাৰ টকাত উত্তম ডিজাইন, 50MP AI ট্ৰিপল কেমেৰা, আৰু 5,000 mAh বেটেৰী, এইটো ফোন আপুনি পচন্দ নকৰাকৈ নোৱাৰে

    OPPO A55 Review: মাত্ৰ 15হাজাৰ টকাত উত্তম ডিজাইন, 50MP AI ট্ৰিপল কেমেৰা, আৰু 5,000 mAh বেটেৰী, এইটো ফোন আপুনি পচন্দ নকৰাকৈ নোৱাৰে

    • Share this:
    এই কথাটো সঁচাকৈয়ে আশ্চৰ্যজনক যে মাত্ৰ কেইবছৰমানৰ ভিতৰত বাজেট স্মাৰ্টফোন অনেক দূৰ আগবাঢ়ি আহিল। আগতে, এটা ভাল ডিছপ্লে থকা ঠিক-ঠাক কেমেৰা পালেই সৌভাগ্যশালী যেন লাগিছিল, OPPO A55 ৰ দৰে সুন্দৰ ডিজাইন, 16.55 cm ৰ ডাঙৰ ডিছপ্লে, অত্যাশ্চৰ্যকৰ 50MP AI ট্ৰিপল কেমেৰা, আৰু 18W ফাষ্ট-চাৰ্জিঙৰ সুবিধাৰ সৈতে ডাঙৰ আকাৰৰ 5000 mAh বেটেৰীৰ চিন্তা কল্পনাৰো অগোচৰ আছিল। কেৱল এয়াই নহয়, আপোনাৰ 15 হাজাৰত আপুনি লগতে লাভ কৰে 4GB RAM, 64GB ষ্ট'ৰেজ, আৰু ইচ্ছা কৰিলে 6GB RAM আৰু 128GB ষ্ট'ৰেজৰ বাবে অলপ বেছি ব্যয় কৰিবও পাৰে

    প্ৰায় সকলো প্ৰধান খুচুৰা ব্যৱসায়ী আৰু Amazon-ত উপলব্ধ এই 4GB/64GB ভেৰিয়েণ্টটো এতিয়াই আৰু 11 অক্টোবৰৰ পৰা 6GB/128GB ভেৰিয়েণ্টটো কেইটামান আশ্চৰ্যকৰ অফাৰৰ সৈতে ক্ৰয় কৰিব পাৰিব।

    আৰু আপোনাক চাগে জনোৱাই নাই যে আপুনি লাভ কৰিব 16 MP ৰ ছেলফি কেমেৰা, এখন microSD কাৰ্ড শ্ল’ট, MediaTek Helio G35 চিপছেট, স্মাৰ্ট বেটেৰী ব্যৱস্থাপনা, IPx4 স্প্লেশ্ব প্ৰতিৰোধ আৰু অনেক কিবাকিবি!



    আহক, আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটোৰ সৈতেই আৰম্ভ কৰোঁ: কেমেৰা



    এই ফোনটোৰ পিছফালৰ প্ৰাইমেৰী কেমেৰাটো হৈছে পিক্সেল বিনিঙৰ সমৰ্থনৰ সৈতে এটা 50MP ইউনিট। এইটো কৌশলে হুলস্থুল বা নয়জ হ্ৰাস কৰাত সহায় কৰে আৰু সামগ্ৰিক প্ৰতিচ্ছবিৰ মান উন্নত কৰে, বিশেষকৈ কম পোহৰৰ ক্ষেত্ৰতো। আপুনি ইয়াত পোৱা 12.5MP ৰ ছবি পাব পাৰে যিটো আপুনি নিয়মীয়া 12MP চেন্সৰৰ পৰা পোৱা ছবিতকৈ উত্তম মানৰ। আপুনি অৱশ্যেই ইচ্ছা কৰিলে সম্পূৰ্ণ 50MP ৰ ছবিও বাছনি কৰিব পাৰে। আমি পিছফালৰ কেমেৰাটো পৰীক্ষা কৰিছিলোঁ আৰু ছবিবোৰৰ মান সঁচাকৈয়ে যথেষ্ট ভাল আছিল, আনকি কম পোহৰ/ ৰাতিৰ ক্ষেত্ৰতো ফটোগ্ৰাফবোৰৰ স্পষ্টতা অতি প্ৰশংসনীয়।

    প্ৰাইমেৰী ৰীয়েৰ কেমেৰাটো সমৰ্থন কৰিবলৈ আছে এটা 2MP ব’কেহ কেমেৰা আৰু 2MP মেক্ৰ' কেমেৰা। ব'কেহৰ কথা আলোচনা কৰোঁতে, OPPO A55 ৰ AI-চালিত স্মাৰ্টছে 50MP ৰীয়েৰ কেমেৰাটোক মনোৰম ব’কেহ আৰু বিষয় আৰু পৃষ্ঠভূমিৰ মাজত এক মসৃণ পৰিৱৰ্তনৰ সৈতে সুন্দৰ প্ৰতিচ্ছৱি তোলাৰ অনুমতি দিয়ে। এই ডিভাইচটো ব্যৱহাৰ কৰি সঁচাকৈয়ে সৃষ্টিশীল ব’কেহ ইফেক্টৰ ছবি তুলিব পৰা যায়।

    ইয়াত এটা নাইট ম’ডো উপলব্ধ, যি য়ে ব্লাৰ নোহোৱা দীঘল এক্সপ’জাৰৰ অনুমতি দিয়ে, যিবোৰে আনকি প্ৰীমিয়াম ফোনৰ প্ৰতিচ্ছবিৰ সৈতেও প্ৰতিদ্বন্দিতা কৰিব পাৰিব। নাইট ম’ডত থকা HDR হৈছে আন এক অতিৰিক্ত সুবিধা, য'ত ফোনটোৱে খুব ইন্টেলিজেণ্ট পদ্ধতিৰে আপোনাৰ মুখ আৰু পৃষ্ঠভূমি পৃথককৈ অতিশয় উত্তমভাৱে পোহৰাই তোলে, যিটো দেখাত এটি প্ৰাকৃতিক নিশাৰ দৰেই হৈ পৰে। আগতে উল্লেখ কৰাৰ দৰে, এই ডিভাইচটোত নিশাৰ কেমেৰাৰ অভিজ্ঞতা নিশ্চিতভাৱে দাবী কৰিব পৰাকৈ ভাল।

    16 MP ফ্ৰণ্ট কেমেৰাটোও এক আশ্চৰ্যৰ আকৰ, লাগিলে দিনেই হওক অথবা নিশা, ছেলফি একেবাৰে স্পষ্ট। ইয়াতো AI সুবিধা বিচাৰি পোৱা যায়। কেইবাটাও ফিল্টাৰ আৰু ম’ড মিলি সমৃদ্ধ ৰং আৰু অনন্য ছবিৰ ষ্টাইল প্ৰদান কৰে, যিবোৰ সামাজিক মাধ্যমৰ বাবে অতি উপযুক্ত! মই মোৰ কেইখনমান ছেলফিত এই ম’ডটো ব্যৱহাৰ কৰিছিলো আৰু ই যথেষ্ট ভালদৰেই প্ৰদৰ্শন কৰিছিল।






    16 MP ফ্ৰণ্ট কেমেৰাটোও এক আশ্চৰ্যৰ আকৰ, লাগিলে দিনেই হওক অথবা নিশা, ছেলফি একেবাৰে স্পষ্ট। ইয়াতো AI সুবিধা বিচাৰি পোৱা যায়। কেইবাটাও ফিল্টাৰ আৰু ম’ড মিলি সমৃদ্ধ ৰং আৰু অনন্য ছবিৰ ষ্টাইল প্ৰদান কৰে, যিবোৰ সামাজিক মাধ্যমৰ বাবে অতি উপযুক্ত! মই মোৰ কেইখনমান ছেলফিত এই ম’ডটো ব্যৱহাৰ কৰিছিলো আৰু ই যথেষ্ট ভালদৰেই প্ৰদৰ্শন কৰিছিল। শ্লিম ফৰ্ম ফেক্টৰ আৰু অনন্য ডিজাইন


    OPPO A55-ৰ বিষয়ে এটা আশ্চৰ্যজনক কথা এই যে এই আটাইখিনি শক্তি মাত্ৰ 8.4 mm শ্লিম আৰু মাত্ৰ 193 gram ওজনৰ শৰীৰটোতে সোমাই আছে, আৰু মজাৰ কথা এই যে ইয়াত আপুনি লগতে লাভ কৰা 5,000 mAh বেটেৰীও অন্তৰ্ভুক্ত থাকে।

    এই ফোনটোক ফ্ৰণ্ট আৰু ৰীয়েৰ পেনেলবোৰে এক অতি মসৃণ আৰু প্ৰিমিয়াম অনুভৱ প্ৰদান কৰে, আৰু ফ্ৰেমত ছিলভাৰ মেটেলিক পিগমেণ্টৰ ব্যৱহাৰে ডিভাইচটোক এক সুন্দৰ মেটেলিক উজ্জ্বলতাও প্ৰদান কৰে। উজ্জ্বলতাৰ কথা ক’বলৈ গ'লে, বিশেষকৈ সেই ৰেইনব’ ব্লু ফিনিশ্বটো (ফোনটো এটা ষ্টাৰী ব্লেক ৰঙতো উপলব্ধ) দেখিলেহে বিশ্বাস কৰিব পাৰি। অনেক লোকে মোক ডিভাইচটোৰ বিষয়ে সুধিছিল আৰু ইমান কম মূল্যতে ডিজাইনৰ প্ৰিমিয়াম মানৰ বিষয়ে জানিব পাৰি যথেষ্ট আচৰিত হৈছিল।

    OPPO-এ ৰীয়েৰত যিয়েই যাদু নকৰক কিয়, এইটো কিন্তু সঁচাকৈয়ে চালে চকুত ৰোৱা। ফোনটোৰ ৰীয়েৰ পৃষ্ঠত এক বিশেষ উজ্বলতা আছে, যি চাওঁতাক মুগ্ধ কৰি তুলিব। ৰীয়েৰ কেমেৰা ইউনিটটোৰ কাষত থকা 3D গ্লাছ আৰু CD আৰ্হিৰ ৰিং-বিলাকৰ সৈতে মিলি এই ফোনটোক দেখাত কেৱল ভাল বুলি ক’লে কমকৈয়ে প্ৰশংসা কৰা হ’ব।

    লগতে আছে খাপ খোৱাকৈ 16.55 cm LCD পেনেল আৰু পাঞ্চ হ’ল কেমেৰা, যি ফোনটোৰ ডিজাইনটো আৰু এখোপ ওপৰলৈ তুলি ধৰে।



    দিনটো জোৰাকৈ (আৰু তাতোকৈও অধিক) বেটেৰীৰ জীৱনকাল আৰু প্ৰদৰ্শন, যি আপোনাক পিছ পৰি থাকিবলৈ নিদিয়ে

    ফোনটোৰ শ্লিম চেছিছত 5,000mA বেটেৰীৰ সৈতে, আপোনাৰ যিকোনো সময়তে চাৰ্জ শেষ হোৱাৰ সম্ভাৱনা নাথাকে। কিন্তু আপুনি কেনেবাকৈ সেই বিন্দুত উপনীত হ'বলৈ সক্ষম যদি হয়, ছুপাৰ পাৱাৰ চেভিং ম’ড আৰু ছুপাৰ নাইটটাইম ষ্টেণ্ডবাইৰ দৰে সুবিধাই আপোনাক গৈ গন্তব্যস্থানলৈ উপনীত হ’বলৈ অথবা সেই গুৰুত্বপূৰ্ণ এলাৰ্মটো মিছ হোৱাৰ আশংকা নোহোৱাকৈ শুবলৈ আপোনাক সক্ষম কৰি তোলে। মধ্যমীয়াৰ পৰা গধুৰ কামত ব্যৱহাৰ কৰিবৰ বাবে ডিভাইচটো মই আৰামেৰে 2 দিন চলাবলৈ সক্ষম হৈছিলোঁ আৰু কোনো ধৰণৰ বেটেৰী শেষ হোৱাৰ উদ্বেগৰ সন্মুখীনো হোৱা নাছিলোঁ।

    যেতিয়া আপুনি টপ-আপ কৰাৰ প্ৰয়োজন আহি পৰে, যিটো দিন সাধাৰণতে আপুনি দেখিবলগীয়া নহ’ব, এই ডিভাইচটোৱে 18 W ফাষ্ট-চাৰ্জিং সমৰ্থন কৰে আৰু ই আপোনাক মাত্ৰ 30 মিনিটতে আপোনাৰ বেটেৰীৰ জীৱনকালৰ এক তৃতীয়াংশ প্ৰদান কৰে। এক অনুকূলিত নাইট চাৰ্জিং ম’ড আৰু তাপমাত্ৰা চেন্সৰৰ এক সমাহাৰে নিশ্চিত কৰে যে আপোনাৰ চাৰ্জিং অভ্যাসৰ দ্বাৰা বেটেৰীৰ জীৱনকাল প্ৰভাৱিত নহয়।




    সামগ্ৰিকভাৱে, এক সৰ্বোত্তম প্ৰযুক্তিগত অভিজ্ঞতা


    ColorOS 11.1 ক ধন্যবাদ যে, বেটেৰীৰ জীৱনকাল অপ্টিমাইজ কৰাৰ পৰা লৈ শক্তিশালী প্ৰছেছৰ বা দিনটো জুৰি চকুৰ যত্ন লোৱালৈকে, বা চিষ্টেম লেহেমীয়া হোৱা প্ৰতিৰোধ কৰাৰে পৰা ফ্ৰেমৰ ৰেট উন্নত কৰালৈকে, এই ফোনটোৱে একেবাৰে মসৃণভাৱে কাম কৰি যায়। FlexiDrop তথা গুগল ট্ৰেন্সলেটৰৰ বাবে তিনিটা আঙুলিৰ ভংগিমা, অথবা গেম ফ’কাছ ম’ড আৰু গেমাৰসকলৰ বাবে ষ্ট্ৰীমলাইন কৰা জাননীৰ দৰে ব্যৱহাৰকাৰীৰ সুবিধাসমূহে ফোনটোক অতুলনীয় কৰি তোলে। অতিৰিক্ত গোপনীয়তা আৰু সুৰক্ষাৰ সুবিধাবোৰে আপোনাৰ সংবেদনশীল নথিপত্ৰ আৰু প্ৰতিচ্ছবিবিলাকক সুৰক্ষিত কৰি ৰাখে- যি আপোনাক মনৰ শান্তি প্ৰদান কৰে।


    অন্তিম ৰায়: উত্তম মূল্যত এক উত্তম ফোন


    বজাৰত উপলব্ধ আন কোনো ফোনেই এনে কম মূল্য বিন্দুত অনেক সুবিধাৰ এনে এক আকৰ্ষণীয় সংমিশ্ৰণ প্ৰদান নকৰে। 50 MP AI ট্ৰিপল কেমেৰা আৰু 16 MP ছেলফি কেমেৰাৰ কাৰণেই আচলতে যথেষ্ট হ'লহেঁতেন, কিন্তু অনন্য ডিজাইন, AI সুবিধাসমূহ, বিশাল বেটেৰী, আকৰ্ষণীয় ডিচপ্লে, আৰু আমি আলোচনা কৰা আন সকলোবোৰ মিলাই কোনো সন্দেহ নাই যে OPPO A55 হৈছে এক উত্তম মূল্যত এক উত্তম ফোন।

    OPPO A55 দুটা ভেৰিয়েণ্টত উপলব্ধ: 4+64GB ভেৰিয়েণ্ট এতিয়া INR 15,490 ত উপলব্ধ, আনহাতে 6+128GB মডেলটো 11 অক্টোবৰৰ পৰা INR 17,490 ত Amazon আৰু অন্যান্য প্ৰধান খুচুৰা আউটলেটত উপলব্ধ হ’ব।

    First published: