মুখ্যপৃষ্ঠা »খবৰ »নতুন দিল্লী »Assam Youth Missing in Delhi : দিল্লীত সন্ধানহীন অসমৰ যুৱক, অসম চৰকাৰক সহায়ৰ আহ্বান পৰিয়ালৰ।

Assam Youth Missing in Delhi : দিল্লীত সন্ধানহীন অসমৰ যুৱক, অসম চৰকাৰক সহায়ৰ আহ্বান পৰিয়ালৰ।

তিনদিনৰ পূৰ্বে দিল্লীৰ কৰ্মস্থলীৰ পৰা ৰূমলৈ যোৱা অৱস্থাত নিৰুদ্দেশ ফণীন্দ্ৰ। দিল্লী আৰক্ষীক এজাহাৰ পৰিয়ালৰ।অসম চৰকাৰক সহায়ৰ আহ্বান।

  • Share this:
কৰ্ম সূত্ৰে বহিঃৰাজ্যত থকা কামপুৰ তেতেলীসৰাৰ ফণীন্দ্ৰ দাস নামৰ এজন যুৱক তিনি দিন ধৰি নিৰুদ্দেশ হৈ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। যুৱকজনৰ নিৰুদ্দেশ (Missing)ৰ ঘটনাই তেতলীসৰা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে দিল্লী (Delhi)ৰ এটা কোম্পানীত কৰ্মৰত ফণীন্দ্ৰ দাস তিনদিনৰ পূৰ্বে কৰ্মস্থলীৰ পৰা নিজৰ ৰূমলৈ যোৱা অৱস্থাত নিৰুদ্দেশ হয় বুলি একেলগে থকা সতীৰ্থ‌ই ফোনযোগে পৰিয়ালৰ লোকক জানিবলৈ দিয়ে।

এই সম্পৰ্কত পৰিয়ালৰ লোকে  দিল্লী আৰক্ষীৰ লগত যোগাযোগ কৰিছে যদিও বৰ্তমানলৈ কোনো সন্ধান লাভ কৰা নাই দিল্লী আৰক্ষীয়ে। উল্লেখ্য নিৰুদ্দেশ হোৱা যুৱকজনৰ সন্ধানৰ ব্যৱস্থা কৰি পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবৰ  বাবে অসম চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছে ভুক্তভোগী পৰিয়ালটোৱে।

শেহতীয়া বাতৰি