• Home
  • »
  • News
  • »
  • new-delhi
  • »
  • বুজাবুজিৰ মাজেৰে উপ-নিৰ্বাচনত ৰাইজৰ দল-কংগ্ৰেছ ! দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ অখিল গগৈৰ: কংগ্ৰেছ হাইকামাণ্ডৰে কথা পাতি পোনে পোনে চূড়ান্ত কৰাৰ দিশে মিত্ৰতা...

বুজাবুজিৰ মাজেৰে উপ-নিৰ্বাচনত ৰাইজৰ দল-কংগ্ৰেছ ! দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ অখিল গগৈৰ: কংগ্ৰেছ হাইকামাণ্ডৰে কথা পাতি পোনে পোনে চূড়ান্ত কৰাৰ দিশে মিত্ৰতা...

ৰাইজৰ দল আৰু কংগ্ৰেছে বুজাবুজিৰ মাজেৰে উপ-নিৰ্বাচনত অৱতীৰ্ণ হোৱাত সন্মতি প্ৰকাশ ৰাহুল গান্ধীৰ। প্ৰায় এক সপ্তাহ ধৰি দিল্লী ভ্ৰমণৰত অখিল গগৈয়ে বুধবাৰে সন্ধিয়া সাক্ষাৎ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ।

  • Share this:
প্ৰায় এক সপ্তাহ ধৰি দিল্লী ভ্ৰমণৰত অখিল গগৈয়ে বুধবাৰে সন্ধিয়া সাক্ষাৎ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক । ইয়াৰ পূৰ্বে তেওঁ কংগ্ৰেছৰ সাধাৰণ সম্পদক মুকুল ৱাচনীকক সাক্ষাৎ কৰিছিল । শিৱসাগৰৰ বিধায়ক গৰাকীয়ে জনোৱা মতে আগন্তুক অসমৰ উপ-নিৰ্বাচন ৰাইজৰ দল আৰু কংগ্ৰেছ দলে মিলিজুলি অৱতীৰ্ণ হোৱাৰ দিশত ৰাহুল গান্ধীয়ে সন্মতি প্ৰকাশ কৰিছে । অসমত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ৬/৭ সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিক প্রতিহত কৰিবলৈ ৰাহুল গান্ধীয়ে এক বুজাবুজিৰ পোষকতা কৰিছে বুলি জানিব পৰা গৈছে ।

গগৈয়ে জনোৱা মতে ৰাহুল গান্ধীয়ে কংগ্ৰেছে শাসনত থকা বিজেপিক যে একক ভাৱে পৰাভূত কৰিব নোৱাৰে সেই কথা উপলব্ধি কৰে আৰু সেয়ে সমগ্ৰ দেশৰ আঞ্চলিক ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী মিত্ৰতাৰ তেওঁ পোষকতা কৰিছে আৰু তেনে উমৈহতীয়া নিৰ্বাচনী মঞ্চত তেওঁ সমৰ্থন আগবঢ়াব বুলিও জানিবলৈ দিছে ।

আনহাতে কংগ্ৰেছৰে অনাগত উপ-নিৰ্বাচনত বুজাবুজিৰ ৰূপ ৰেখা প্ৰস্তুত কৰিবলৈ গগৈক গান্ধীয়ে মুকুল ৱাচনীক আৰু জিতেন্দ্ৰ সিঙৰে আলোচনাত মিলিত হ’বলৈ পৰামৰ্শ প্ৰদান কৰে । সেই মৰ্মে আজি দুই নেতাৰ আলোচনাত মিলিত হ’ব গগৈ । মিত্ৰতাৰ কাৰণে প্ৰদেশ কংগ্ৰেছ নহয় বৰঞ্চ এই দুই নেতাৰে সমন্বয় ৰক্ষাৰো পৰামৰ্শ প্ৰদান কৰিলে ৰাহুল গান্ধীয়ে ।
Published by:Kokil Sarma
First published: