CBSEৰ পৰীক্ষা পতা-নপতাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এটা গোচৰ চলি আছে। সেই গোচৰতেই সংলগ্ন কৰি দিয়া হৈছে অসমৰ পৰীক্ষা পতা-নপতাৰ বিষয়টো।
উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বাতিলৰ দাবীত সৰ্বোচ্চ ন্যায়ালয়ৰ কাষত অসমৰ একাংশ অভিভাৱক। কোভিড পৰিস্থিতিৰ বাবে পৰীক্ষা বাতিলৰ দাবীৰে একাংশ অভিভাৱকে সোমবাৰে লেখ আৱেদন দাখিল কৰিলে সৰ্বোচ্চ ন্যায়ালয়ত।
যি সময়ত যি কোনো পৰিস্থিতিতে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে সেই সময়তে পৰীক্ষা বাতিলৰ দাবীত সোমবাৰে একাংশ অভিভাৱক উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা কাৰ্যই পৰীক্ষাক লৈ ছাত্ৰ সমাজক অধিক উদ্বিগ্ন কৰি তুলিব।
ৰাজ্য চৰকাৰে পৰীক্ষাক লৈ আজিলৈ কোনো স্পষ্ট নীতি ঘোষণা কৰিব পৰা নাই। কিন্তু দুই-এদিনতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আয়োজনক লৈ চুড়ান্ত সিদ্ধান্ত ঘোষণা কৰাৰ সম্ভাৱনা আছে। পৰীক্ষা সম্পৰ্কীয় SOPঘোষণা কৰাৰো সম্ভাৱনা আছে দুই-এদিনত। ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ত পৰীক্ষা বাতিলৰ দাবীৰে কৰা হৈছে আবেদন।
ইতিমধ্যে CBSEৰ পৰীক্ষা পতা-নপতাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এটা গোচৰ চলি আছে। সেই গোচৰতেই সংলগ্ন কৰি দিয়া হৈছে অসমৰ পৰীক্ষা পতা-নপতাৰ বিষয়টো।
অহা ১৭ জুনত সেই গোচৰৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|