உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • new-delhi
    • »
    • Assam-Mizoram Border ConFlict : মিজোৰামৰ বিতৰ্কিত সাংসদৰ মন্তব্যক লৈ দিল্লীত অসমৰ CIDৰ দলৰ তদন্ত, সাংসদ ভানলালভেনাৰ আৱাসত তলা!

    Assam-Mizoram Border ConFlict : মিজোৰামৰ বিতৰ্কিত সাংসদৰ মন্তব্যক লৈ দিল্লীত অসমৰ CIDৰ দলৰ তদন্ত, সাংসদ ভানলালভেনাৰ আৱাসত তলা!

    K Vanlalvena, MP, Mizoram

    K Vanlalvena, MP, Mizoram

    সংসদ ভৱনৰ চৌহদতে মিজোৰাম আৰক্ষীয়ে অসম আৰক্ষীক গুলীয়াই মৰাৰ কথা অতি দম্ভালিৰে স্বীকাৰ কৰিছিল আৰু আগলৈও তেনেদৰেই অসম আৰক্ষীক গুলীয়াই মাৰিব বুলি বিতৰ্কিত মন্তব্য কৰিছিল মিজোৰামৰ সাংসদ কে ভানলালভেনা (K Vanlalvena)ই। 

    • Share this:
    অসম-মিজোৰাম সীমান্ত (Assam-Mizoram Border)ত মিজোৰামৰ গুলীচালনা (Mizoram Firing at Assam Police)ত অসমৰ ৬জন আৰক্ষী জোৱান নিহত হোৱাৰ পছতে সীমান্তলৈ আহিলে আকৌ অসমৰ পুলিচক গুলীয়াই মাৰিম বুলি কোৱা মিজোৰামৰ সাংসদ কে ভানলালভেনা (K Vanlavena)ক সোধাপোছাৰ বাবে দিল্লীত উপস্থিত হৈছএ অসম আৰক্ষীৰ CIDৰ দল। মিজোৰামৰ সাংসদজনৰ বিৰুদ্ধে সন্দেহজনক নথি জব্দ হ'লে অসম আৰক্ষীয়ে FIR ৰুজু কৰিবলৈ অনুমতি বিচাৰিব ৰাজ্যসভাৰ সচিবালয়ৰ।

    SSP বিবেকানন্দ দাসৰ নেতৃত্বত  অসম আৰক্ষীৰ CIDৰ এটা চাৰিজনীয়া দলে দিল্লীত আৰম্ভ কৰিছে তদন্ত। সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে মিজোৰামৰ সাংসদ গৰাকীৰ বিভিন্ন তথ্য। তথ্য সংগ্ৰহ কৰিবলৈ কাষ চাপিছে সংবাদ মাধ্যমৰ কাৰ্যালয়ৰো।

    মিজোৰামৰ বিতৰ্কিত সাংসদগৰাকীৰ ৩০দিনৰ কল ডিটেইলছ (Call Details) সংগ্ৰহ কৰিব  অসম আৰক্ষীয়ে। সংঘৰ্ষ হোৱাৰ সময়ত সাংসদ গৰাকীৰে যোগসূত্ৰ ৰখাসকলৰ সম্বন্ধেও তথ্য সংগ্ৰহ কৰিব CIDৰ দলটোৱে। তেনে লোকক সোধা-পোছা কৰিব দলটোৱে।

    তদন্তৰ অন্তত যদি সাংসদ K Vanlalvenaৰ ভূমিকা সন্দেহজনক পোৱা যায় তেতিয়া অসম আৰক্ষীয়ে FIR ৰুজু কৰিবলৈ ৰাজ্য সভা সচিবালয়ৰ অনুমতি বিচাৰিব।

    সাংসদ গৰাকীৰ লগত কোনো ৰাজনৈতিক শক্তি জড়িত থকাৰো তদন্ত কৰিব CIDয়ে।

    উল্লেখ্য যে ঘটনাৰ দিনাই সংসদ ভৱনৰ চৌহদতে মিজোৰাম আৰক্ষীয়ে অসম আৰক্ষীক গুলীয়াই মৰাৰ কথা অতি দম্ভালিৰে স্বীকাৰ কৰিছিল আৰু আগলৈও তেনেদৰেই অসম আৰক্ষীক গুলীয়াই মাৰিব বুলি বিতৰ্কিত মন্তব্য কৰিছিল মিজোৰামৰ সাংসদ কে ভানলালভেনাই।
    Published by:Manjumoni Borah
    First published: