প্ৰতিভাৱান কার্টুনিষ্ট অসমৰ অনিৰ্বাণ বৰাৰ দিল্লীত Covid-19ত আক্রান্ত হৈ মৃত্যু।

News18 Assam | News18-Assam
Updated:May 1, 2021, 9:41 PM IST
প্ৰতিভাৱান কার্টুনিষ্ট অসমৰ অনিৰ্বাণ বৰাৰ দিল্লীত Covid-19ত আক্রান্ত হৈ মৃত্যু।
নিজৰ সৃষ্টিশীল কৰ্মৰ মাজেৰে চিত্ৰকৰৰ জগতত এখন সুকীয়া আসন দখল কৰা ৪২বছৰীয়া  অনিৰ্বাণ দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক Economic Timesত illustrator হিচাপে কৰ্মৰত হৈ আছিল । 

নিজৰ সৃষ্টিশীল কৰ্মৰ মাজেৰে চিত্ৰকৰৰ জগতত এখন সুকীয়া আসন দখল কৰা ৪২বছৰীয়া  অনিৰ্বাণ দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক Economic Timesত illustrator হিচাপে কৰ্মৰত হৈ আছিল । 

  • Share this:
ক’ৰোনা মহামাৰীয়ে নতুন দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ লগে লগে ইয়াৰ প্ৰকোপত প্ৰাণ গৈছে কেইবাজনো প্ৰবাসী অসমীয়াৰ । আজি দিল্লীত Covid-19ত আক্রান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে অতি প্ৰতিভাৱান কার্টুনিষ্ট অনিৰ্বাণ বৰাই ।  নিজৰ সৃষ্টিশীল কৰ্মৰ মাজেৰে চিত্ৰকৰৰ জগতত এখন সুকীয়া আসন দখল কৰা ৪২বছৰীয়া  অনিৰ্বাণ দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক Economic Timesত illustrator হিচাপে কৰ্মৰত হৈ আছিল ।

বেংগালুৰুৰ Indian Institute of Cartoonistsএ এটা ফেচবুক পোষ্টৰ যোগেদি বৰাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে । পোষ্টত কোৱা হয় – বৰাই কাৰ্টুনিঙৰ এটা নিজা শৈলী উদ্ভাৱন কৰি সমাদৰ লাভ কৰিছিল; এই বছৰ তেওঁৰ Indian Cartoon Galleryত এখন কাৰ্টুন চিত্ৰ প্ৰদৰ্শনীও অনুষ্ঠিত কৰাৰ কথা আছিল । তেওঁৰ অকাল মৃত্যু দেশৰ কাৰ্টুনৰ ক্ষেত্ৰখনৰ কাৰণে অপূৰণীয় ক্ষতি ।

Cartoon by Anirban Bora


দিল্লীৰ জেষ্ঠ সাংবাদিকক শান্তনু নন্দন শৰ্মাই  টুইটাৰত সমবেদনা জ্ঞাপন কৰি কয় – “তেওঁ দেশৰে এজন শ্রেষ্ঠ Illustrator আছিল; ২০১৯চনৰ উত্তৰ প্ৰদেশ আৰু ৰাজস্থান নিৰ্বাচন Cover কৰিবলৈ আমি দুয়ো একেলগে গৈছিলোঁ । মই নিৰ্বাচনৰ বিষয়ে লিখিছিলোঁ তেওঁ আঁকিছিল । বৰা খাদ্যৰসিক আছিল । তেওঁৰে সতীৰ্থ অনুভূতি বিষনৈৰ  টুইটাৰত এটা শ্ৰদ্ধাঞ্জলি সূচক পোষ্টত প্ৰকাশ পাইছে এই কথা । তেওঁ লিখিছে – শনিবাৰে তেওঁ কাকতৰ কাৰণে প্ৰস্তুত কৰা Illustrationৰ পৰাই তেওঁৰ ঘৰত প্ৰস্তুত হোৱা খাদ্যৰ গোন্ধ পোৱা যায় ।
Published by: Kokil Sarma
First published: May 1, 2021, 9:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি