• Home
  • »
  • News
  • »
  • new-delhi
  • »
  • Covid-19 Assam: দিল্লীত কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’লে অসমৰ আদিত্য শইকীয়াই। গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ।

Covid-19 Assam: দিল্লীত কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’লে অসমৰ আদিত্য শইকীয়াই। গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ।

আদিত্য শইকীয়া অৱসৰপ্ৰাপ্ত আই এ এছ (IAS) বিষয়া অশোক শইকীয়া আৰু ৰঞ্জনা শইকীয়াৰ পুত্ৰ ।

আদিত্য শইকীয়া অৱসৰপ্ৰাপ্ত আই এ এছ (IAS) বিষয়া অশোক শইকীয়া আৰু ৰঞ্জনা শইকীয়াৰ পুত্ৰ ।

আদিত্য শইকীয়া অৱসৰপ্ৰাপ্ত আই এ এছ (IAS) বিষয়া অশোক শইকীয়া আৰু ৰঞ্জনা শইকীয়াৰ পুত্ৰ ।

  • Share this:
কাল কোৰোণাৰ সংহাৰী ৰূপে দিল্লীত প্ৰাণ ল’লে আন এজন অসমীয়াৰ । আজি দিল্লীৰ সমীপৰ গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে ৪১ বছৰীয়া আদিত্য শইকীয়াই । তেওঁ কিছুদিন ধৰি Covid-19ত আক্রান্ত হৈ আছিল ।

অতি মেধাসম্পন্ন আদিত্যই দিল্লীৰ ছেইণ্ট ষ্টিফেনচ্ কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল । তাৰ পিছত তেওঁ নেদাৰলেণ্ডৰ পৰা আন্তৰ্জাতিক বাণিজ্য (International Business)ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । তেওঁ মুম্বাইত ৰথশ্বিল্ড (Rothschild) নামৰ বেংকিং প্ৰতিষ্ঠানটোত জড়িত হৈ আছিল আৰু ইংলেণ্ডতো কিছু বছৰ চাকৰি কৰিছিল ।

তেওঁ গুৱাহাটীত গ্ৰাম তৰংগ নামৰ দক্ষতা বিকাশ প্ৰতিষ্ঠানটোতো কৰ্মৰত হৈ আছিল । পিছত তেওঁ একেটা প্ৰতিষ্ঠানৰে দিল্লীৰ কাৰ্যালয়ত যোগদান কৰে । মৃত্যুৰ সময়লৈকে তেওঁ  সেই প্ৰতিষ্ঠানটোতে কৰ্মৰত হৈ আছিল।

আদিত্য শইকীয়া অৱসৰপ্ৰাপ্ত আই এ এছ(IAS) বিষয়া অশোক শইকীয়া আৰু ৰঞ্জনা শইকীয়াৰ পুত্ৰ আছিল। পিতৃ অশোক শইকীয়া অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়া আছিল আৰু তেওঁ অটল বিহাৰী বাজপায়ী (Atal Bihari Bajpayee)ৰ কাৰ্যকালত প্ৰধানমন্ত্ৰী কাৰ্যালয়ত যুটীয়া সচিবৰ দায়িত্ব পালন কৰিছিল ।

মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন চাৰি বছৰীয়া আৰু এজন তিনি বছৰীয়া পুত্ৰ এৰি থৈ গৈছে ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি