নাগালেণ্ড কাণ্ডক লৈ আজি সংসদ উত্তপ্ত হৈ পৰে। বিৰোধীয়ে নিহত সকলৰ পৰিয়ালৰ বাবে ন্যায় আৰু ক্ষতিপূৰণ বিচৰাৰ লগতে ঘটনাৰ উচ্চস্তৰীয় তদন্ত দাবী কৰে। ইতিমধ্যে প্ৰধানমন্ত্ৰী মোডীয়ে বিষয়টো জ্যেষ্ঠ মন্ত্ৰীসকলৰ সৈতে বিষয়টো আলোচনা কৰে।
নাগালেণ্ডৰ মন জিলাত ১৪ জন নীৰিহ লোকৰ সেনাৰ দ্বাৰা হত্যাৰ পিছত পৰিস্থিতি আজিও উত্তেজনাপূৰ্ণ হৈ আছে। ক্ষুব্ধ গাওঁবাসীৰ প্ৰচণ্ড ৰোষৰ মাজত উত্তপ্ত পৰিস্থিতিত এজন সেনাও নিহত হৈছিল।
নাগালেণ্ডৰ ঘটনাক লৈ সোমবাৰে সংসদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত ১৪ জন নাগৰিকৰ মৃত্যুৰ বাবে খেদ প্ৰকাশ কৰি নিজৰ ব্যক্তব্য প্ৰদান কৰে। এক চমু বিবৃতিত শ্বাহে সপ্তাহান্তৰ ঘটনাটোৰ বিৱৰণীৰে চৰকাৰৰ প্ৰতিক্ৰিয়া ৰাখে। লগে লগে বিৰোধী সাংসদসকলে হুলস্থুলীয়া পৰিৱেশৰ মাজেৰে সদন ত্যাগ কৰে (তৃণমূল কংগ্ৰেছৰ বাহিৰে)।
অমিত শ্বাহে কয় লোকসভাত কয়, ‘সেনাই মনৰ অটিঙত উগ্ৰপন্থীৰ সম্ভাৱ্য উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰিছিল। তাৰ ভিত্তিত, ২১ জন কমাণ্ডোৱে সন্দেহজনক এলেকাটোত এটা আক্ৰমণ চলাইছিল। তাত উপস্থিত হোৱা এখন বাহন ৰ'বলৈ ইংগিত দিয়া হৈছিল কিন্তু ই পলাই যাবলৈ চেষ্টা কৰিছিল। উগ্ৰপন্থী কঢ়িয়াই অনা বাহনখনৰ সন্দেহত, ইয়াৰ ওপৰত গুলী চালনা কৰা হৈছিল," শ্বাহে লোকসভাত কয়।’
"বাহনখনত যাত্ৰা কৰি থকা আঠজন লোকৰ ভিতৰত ছয়জনৰ মৃত্যু হয়। এইটো পৰিচয় বিভ্ৰান্তিৰ ঘটনা আছিল। আঘাতপ্ৰাপ্ত দুজনক সুৰক্ষা বাহিনীয়ে ওচৰৰ স্বাস্থ্য সেৱা কেন্দ্ৰলৈ লৈ গৈছিল," তেওঁ কয়।
"এই ঘটনাৰ পিছত স্থানীয় গাওঁবাসীয়ে সেনা বাহিনীক আক্ৰমণ কৰে, দুখন বাহন জ্বলাই দিয়ে আৰু সেনাক আক্ৰমণ কৰে, যাৰ ফলত এজন জোৱানৰ মৃত্যু হয় আৰু আন কেইবাজনো লোক আহত হয়। কৰ্মচাৰীসকলে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰে, যাৰ ফলত আৰু সাতজন নাগৰিকৰ মৃত্যু হয়," শ্বাহে লগতে কয়।
তেওঁ লগতে কয় যে, পৰিস্থিতি উত্তেজনাপূৰ্ণ কিন্তু নিয়ন্ত্ৰণত আছে।
সৰ্বোচ্চ পৰ্যায়ৰ তদন্তৰ আশ্বাস দি আৰু বিষয়টোত গঠন কৰা বিশেষ তদন্তকাৰী গোটৰ বিষয়ে (এছআইটি) সদনক অৱগত কৰি শ্বাহে কয় যে সেনাই ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰিছে আৰু বিষয়টো তদন্তও কৰিব।
ইয়াৰ পূৰ্বে আজি লোকসভাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মনীষ তিৱাৰীয়ে ক্ষোভ প্ৰকাশ কৰি উচ্চ ন্যায়ালয়ৰ এজন বৰ্তমানৰ ন্যায়াধীশৰ দ্বাৰা সমগ্ৰ ঘটনাৰ তদন্তৰ আহ্বান জনায়। তেওঁ চৰকাৰক দোষীসকলক সুৰক্ষা দিবলৈ বিতৰ্কিত এএফএছপিএ প্ৰয়োগ নকৰিবলৈও আহ্বান জনায়। আনহাতে অসমৰ সাংসদ গৌৰৱ গগৈয়ে নিৰস্ত্ৰ নাগৰিকসকলক সেনাই কেনেদৰে সশস্ত্ৰ বিদ্ৰোহী বুলি ভুল কৰিছিল জানিবলৈ দাবী জনায়।
এনডিপিপিৰ সাংসদ টোখেহো য়েপথমীয়ে কেন্দ্ৰক ৰাজ্যখনে ঘোষণা কৰা ₹ ৫ লাখ টকাৰ ক্ষতিপূৰণৰ সৈতে যোগ দিবলৈ আহ্বান জনায় আৰু এএফএছপিএৰ সমালোচনাত মুখৰ হৈ পৰে,"... নিৰাপত্তা বাহিনীক নিৰ্বিচাৰভাৱে মানুহক হত্যা কৰাৰ ক্ষমতা দিয়া নাই," তেওঁ কয়।
ৰাজ্যসভাত, কংগ্ৰেছৰ সাংসদ মল্লিকাৰ্জুন খাৰ্গে, যি বিৰোধী দলৰ নেতাও, প্ৰতিবাদৰ নেতৃত্ব দিয়ে। অধ্যক্ষ ভেংকায়া নাইডুৱে শান্ত হ'বলৈ আহ্বান জনাইও ফল নোপোৱাত সদন কিছু সময়ৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। "এইটো এটা অতি গুৰুতৰ বিষয়, অতি দুৰ্ভাগ্যজনক। ই সংবেদনশীলও। আহক আমি সংবেদনশীলতাৰ কথা মনত ৰাখিম," তেওঁ হুলস্থুলৰ মাজতে কয়।
উভয় সদনৰ বিৰোধী সাংসদসকলে নাগালেণ্ডৰ বিভিন্ন বিদ্ৰোহী গোটৰ সৈতে শান্তি আলোচনা চলি থকাৰ সময়তে ৰাজ্যখনক "অনিশ্চয়তা"ৰ মাজত এৰি নিদিবলৈ কেন্দ্ৰক সতৰ্ক কৰি দিয়ে।
সাংসদসকলে লগতে জানিবলৈ দাবী জনায় যে, চোৰাংচোৱা সংস্থাবোৰে কেনেকৈ এনে বিভ্ৰান্তিকৰ ইনপুট প্ৰদান কৰিব পাৰিলে- শনিবাৰে সংঘটিত হোৱা আক্ৰমণটো বিদ্ৰোহীসকলৰ সম্ভাৱ্য চলাচলৰ বিষয়ে ত্ৰুটিপূৰ্ণ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰা হৈছিল। ইয়াৰ পূৰ্বে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই এএফএছপিএ বা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ সময়সীমা বৃদ্ধিৰ বাবে কেন্দ্ৰক সমালোচনা কৰিছিল। "প্ৰতি বছৰে কেন্দ্ৰই নাগালেণ্ডত এএফএছপিএৰ সময় বৃদ্ধি কৰে, এইটো এটা 'অশান্ত এলেকা' বুলি কৈ... কিন্তু সকলো সশস্ত্ৰ গোট যুদ্ধবিৰতি আৰু শান্তি আলোচনাৰ অংশ। তেন্তে ইয়াক কিয় বৃদ্ধি কৰিব লাগে?" তেওঁ প্ৰশ্ন কৰে।
নেইফিউ ৰিঅ' উত্তৰ-পূৱৰ একমাত্ৰ নেতা নহয় যি সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবী কৰিছে। ইয়াৰ পূৰ্বে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আজি ৰাতিপুৱা টুইট কৰিছিল এই আইন বাতিল কৰিবলৈ। তেওঁৰ এক শাৰীৰ টুইটত লিখা আছিল: "এএফএছপিএ বাতিল কৰা উচিত।"
FIRST PUBLISHED : December 06, 2021, 16:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।