মুখ্যপৃষ্ঠা »খবৰ »নতুন দিল্লী »দিল্লী এইমছত চাইবাৰ আক্ৰমণৰ আঁৰত আছে চীনৰ হাত, পুনৰুদ্ধাৰ হ'ল হেক হোৱা পাঁচোটাকৈ চাৰ্ভাৰৰ ডাটা

দিল্লী এইমছত চাইবাৰ আক্ৰমণৰ আঁৰত আছে চীনৰ হাত, পুনৰুদ্ধাৰ হ'ল হেক হোৱা পাঁচোটাকৈ চাৰ্ভাৰৰ ডাটা

দিল্লী এইমছত চাইবাৰ আক্ৰমণৰ আঁৰত আছে চীনৰ হাত!

দিল্লী এইমছত চাইবাৰ আক্ৰমণৰ আঁৰত আছে চীনৰ হাত!

দিল্লী এইমছৰ চাৰ্ভাৰৰ সুৰক্ষা বেহু ভাঙি হেকাৰে এই চাৰ্ভাৰসমূহ তেওঁলোকৰ হাতৰ পৰা মুকলি কৰিবলৈ প্ৰায় ২০০ কোটি টকা ক্ৰিপ্টোকাৰেন্সী দাবী কৰিছিল।

  • Share this:
দেশৰ সৰ্ববৃহৎ চৰকাৰী চিকিৎসালয় দিল্লী-এইমছৰ চাৰ্ভাৰ হেক কৰাৰ আঁৰতো আছিল চীনৰ কুটনৈতিক ষড়যন্ত্ৰ। এই সন্দৰ্ভত এটা ডাঙৰ কথা প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে এফআইআৰ অনুসৰি এই চাইবাৰ আক্ৰমণ চীনে কৰিছে। হেকাৰে ১০০টা চাৰ্ভাৰৰ ভিতৰত পাঁচটা (৪০টা ফিজিকেল আৰু ৬০টা ভাৰ্চুৱেল চাৰ্ভাৰ) হেক কৰিছিল। কিন্তু এতিয়া এই পাঁচটা চাৰ্ভাৰৰ তথ্য পুনৰুদ্ধাৰ কৰা হৈছে।

ইয়াৰ পূৰ্বে News18-এ প্ৰকাশ কৰিছিল যে এই আক্ৰমণ “ভাৰতৰ চুবুৰীয়া দেশসমূহৰ ভিতৰত এখন”ৰ সৈতে জড়িত কাৰণ এজেন্সীসমূহে তাৰ পৰা এটা আইপি ঠিকনা বিচাৰি পাইছিল।

যোৱা ২৩ নৱেম্বৰত দিল্লী এইমছৰ চাৰ্ভাৰত ৰেনছমৱেৰ আক্ৰমণ সংঘটিত হৈছিল। চাইবাৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে ধন দাবী আৰু চাইবাৰ সন্ত্ৰাসবাদৰ গোচৰ ৰুজু কৰা হৈছে। এই চাইবাৰ আক্ৰমণ ২৩ নৱেম্বৰত ধৰা পৰিছিল যেতিয়া চাৰ্ভাৰ ডাউন হোৱাৰ বাবে বহিঃৰোগী বিভাগ (অ’পিডি) আৰু নমুনা সংগ্ৰহ সেৱা প্ৰভাৱিত হৈছিল। আনহাতে এই সন্দৰ্ভত এইমছে এক বিবৃতিত কৈছিল- "আজি নতুন দিল্লীৰ এইমছত ব্যৱহাৰ হৈ থকা নেশ্যনেল ইনফৰ্মেটিক্স চেণ্টাৰৰ ই-হস্পিটেলৰ চাৰ্ভাৰ ডাউন হৈ গ’ল, যাৰ বাবে স্মাৰ্ট লেব, বিলিং, ৰিপ’ৰ্ট জেনেৰেচন, এপইণ্টমেণ্ট চিষ্টেম ইত্যাদি বহিঃৰোগী আৰু আন্তঃৰোগীৰ ডিজিটেল চিকিৎসালয়ৰ সেৱা প্ৰভাৱিত হৈছে।"

দিল্লী এইমছৰ চাৰ্ভাৰৰ সুৰক্ষা বেহু ভাঙি হেকাৰে এই চাৰ্ভাৰসমূহ তেওঁলোকৰ হাতৰ পৰা মুকলি কৰিবলৈ প্ৰায় ২০০ কোটি টকা ক্ৰিপ্টোকাৰেন্সী দাবী কৰিছিল।

সূত্ৰই News18ক জনাইছিল যে ইয়াত বহুতো সুৰুঙা আছে, যাৰ বাবে হেকাৰে সহজেই এইমছৰ চিষ্টেমত প্ৰৱেশ কৰিছিল। গোচৰটো নিৰীক্ষণ কৰা এজন জ্যেষ্ঠ পৰ্যায়ৰ বিষয়াই জনোৱা মতে, কেইমাহমান আগতে এটা ৱেবছাইটত প্ৰেৰণ কৰা লিংকত ক্লিক কৰি ৰেনছমৱেৰটোৱে এইমছ চিষ্টেমত প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে। এই গোচৰত অন্তৰ্দৃষ্টিৰ ভূমিকাও নুই কৰা নাই তদন্তকাৰীয়ে।

শেহতীয়া বাতৰি