• Home
  • »
  • News
  • »
  • new-delhi
  • »
  • Cancer: মানুহৰ দৰে গছৰো কৰ্কট ৰোগ হয়নে ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

Cancer: মানুহৰ দৰে গছৰো কৰ্কট ৰোগ হয়নে ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

দিল্লী চৰকাৰে ঐতিহ্যময় গছ হিচাপে স্বীকৃতি দিয়া লোধি গাৰ্ডেনৰ এজোপা ৮০ বছৰ পুৰণি আম গছত (Mango Tree) ধৰা পৰিছে কৰ্কট ৰোগ (Cancer Disease। এই কথাই সমগ্ৰ দিল্লীৰ সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক চৰ্চা।  

  • Share this:

প্ৰকৃততে, লোধি গাৰ্ডেনৰ সকলো গছৰ ভিতৰত, এই আম গছজোপাই কেইবছৰমান আগতে দিল্লী চৰকাৰে প্ৰস্তুত কৰা ১৬ জোপা 'ঐতিহ্যময়' গছৰ তালিকাত স্থান পাইছিল। কিন্তু বৰ্তমান এই গছ জোপা তিলতিলকৈ মৃত্যুৰ মুখলৈ আগবাঢ়িছে। ৩৪ বছৰ ধৰি লোধি গাৰ্ডেনত বাস কৰা এজন মালীৰ মতে, এই গছজোপাই বৰ্তমান ফল দিবলৈয়ো এৰিছে।

কিয় আম গছৰ কৰ্কট ৰোগ হয়?

প্ৰকৃততে আন উদ্ভিদ অথবা গছৰ তুলনাত আম গছৰ যতন লোৱাৰ প্ৰয়োজন যথেষ্ট কম। কিন্তু আম গছ প্ৰতিবছৰেই ৰোগত আক্ৰান্ত হয়। প্ৰায়ে আমৰ ডাল সৰি পৰে। পিছে কৰ্কট ৰোগৰ লক্ষণ অলপ বেলেগ। আম গছৰ কৰ্কট ৰোগ প্ৰথম অৱস্থাত গছ জোপাত এটা খোলা ঘাঁৰে আৰম্ভ হয় আৰু সমগ্ৰ গছ জোপালৈ ই বিয়পি পৰে। কোনো সাৰ অথবা কীটনাশকে আম গছৰ এই ৰোগ ভাল কৰিব নোৱাৰে। পৰিপ্ৰেক্ষিতত বৰ্তমান লোধি গাৰ্ডেনৰ ৮০বছৰ পুৰণি এই গছ জোপাও মৃত্যুৰ মুখলৈ আগবাঢ়িছে। অৱশ্যে মানুহৰ দৰে গছৰো কৰ্কট ৰোগ হোৱাৰ খবৰে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।
Published by:Kokil Sarma
First published: