দিল্লীৰ লাহোৰী গেট এলেকাত ভাঙি পৰিল অট্টালিকা, এটি শিশুৰ মৃত্যু, ৪ জন আৱদ্ধ
দিল্লীৰ লাহোৰী গেট এলেকাত ভাঙি পৰিল অট্টালিকা, এটি শিশুৰ মৃত্যু, ৪ জন আৱদ্ধ
মধ্য দিল্লীৰ লাহোৰী গেট অঞ্চলত এটা অট্টালিকা ভাঙি পৰিছে।
দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি এতিয়ালৈকে ৫ জন লোকক সাহায্যকাৰী দলে উদ্ধাৰ কৰিছে। পাঁচোজনকে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমানেও উদ্ধাৰ অভিযান চলি আছে।
দেশৰ ৰাজধানী দিল্লীৰ মধ্য দিল্লীৰ লাহোৰী গেট অঞ্চলত এটা অট্টালিকা ভাঙি পৰাৰ খবৰ পোৱা গৈছে। প্ৰাপ্ত তথ্য মতে, দেওবাৰে সন্ধিয়া দিল্লীৰ ফৰাশ খানা অঞ্চলৰ এটা অট্টালিকা ভাঙি পৰিছে। এই ঘটনাৰ পিছত বহু অগ্নিনিৰ্বাপক বাহিনীৰ দল সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযানত ব্যস্ত হৈ পৰিছে।
অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি আজি সন্ধিয়া প্ৰায় ৭.৩০ বজাত এটা অট্টালিকা ভাঙি পৰাৰ বিষয়ে পিচিআৰ ফোন আহিছিল ১০ জন লোক আৱদ্ধ হৈ পৰা বুলি জনাইছিল। তাৰ পিছত ৫ টা অগ্নিনিৰ্বাপক বাহিনীৰ দল সেই স্থানলৈ প্ৰেৰণ কৰা হৈছিল। উদ্ধাৰ অভিযানৰ সময়তে আহত অৱস্থাত ৫ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এতিয়াও স্থানীয় লোক, আৰক্ষী প্ৰশাসন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে সেই স্থানতে সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে। ঘটনাৰ বিষয়ে এএনআইয়েও টুইট কৰি জনাইছে।
Delhi | Building collapses near Valmiki mandir near Farshkhana Lahori gate. 4 fire tenders at the spot. More details awaited