• Home
  • »
  • News
  • »
  • new-delhi
  • »
  • 7th Pay Commission: ৯৫,০০০ টকা বাঢ়িব পাৰে চৰকাৰী কৰ্মচাৰীৰ দৰমহা, জানক কেনেকৈ?

7th Pay Commission: ৯৫,০০০ টকা বাঢ়িব পাৰে চৰকাৰী কৰ্মচাৰীৰ দৰমহা, জানক কেনেকৈ?

ডিএ বৃদ্ধি কৰাৰ পিছত চৰকাৰী কৰ্মচাৰীৰ দৰমতা তেওঁলোকৰ বেতন গ্ৰেড অনুসৰি বাঢ়িব। কেন্দ্ৰীয় চৰকাৰে মৰগীয়া বানচ বৃদ্ধি ৪৭.১৪ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৮.৬২ লাখ পেন্সনভোগীৰ কাৰণে লাভদায়ক বিবেচিত হ’ব।

  • Share this:
দিপাৱলী উপলক্ষ্যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসেকলৰ বোনাচ বাঢ়িছে। চৰকাৰে সপ্তম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীৰ মৰগীয়া বানচ ৩ শতাংশ বঢ়াইছে। ইয়াৰ ফলত কৰ্মচাৰীসকলৰ ডিএ ৩১ শতাংশ হৈছে। ইয়াৰ পূৰ্বে ২৮ শতাংশ আছিল। ডিএ বৃদ্ধিৰ পিছত চৰকাৰী কৰ্মচাৰীৰ দৰমহা তেওঁলোকৰ বেতন গ্ৰেড অনুসৰি বঢ়োৱা হ’ব। কেন্দ্ৰ চৰকাৰৰ দ্বাৰা মৰগীয়া বানচ বৃদ্ধি ৪৭.১৪ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৮.৬২ লাখ পেন্সনভোগীৰ কাৰণে লাভদায়ক বিবেচিত হ’ব।

মৰগীয়া বানচ ৩শতাংশ বৃদ্ধিৰ পিছত চৰকাৰী কৰ্মচাৰীৰ মুঠ ডিএ এতিয়া ৩১শতাংশ কৰা হৈছে। এইদৰে কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা ১৮,০০০ টকাৰ পৰা ৫৬৯০০ টকা হ’লে বাৰ্ষিক দৰমহা বৃদ্ধি ৩০,২৪০টকা হ’ব।

একেদৰে কৰ্মচাৰীৰ মূল বেতন ১৮,০০০ টকা হ’লে নতুন মৰগীয়া বানচ (৩১%) –প্ৰতি মাহে/৫৫৮০ টকা হ’ব। সেইদৰে এতিয়ালৈকে মৰগীয়া বানচ (১৭%) –৩০৬০ টকা প্ৰতিমাহে আছিল। ডিএৰ বৃদ্ধি (৫৫৮০-৩০৬০) –২৫২০ টকা প্ৰতি মাহে হ’ব আৰু বাৰ্ষিক দৰমহা বৃদ্ধি (২৫২০X১২) –৩০,২৪০ টকা হ’ব।

এইসকলৰ ৯৫,০০০ টকা বাঢ়িব

সেইদৰে ইয়াত কেন্দ্ৰীয় চৰকাৰৰ ৫৬,৯০০ টকা দৰমহা প্ৰাপ্ত কৰ্মচাৰীৰ বাৰ্ষিক দৰমহা বৃদ্ধি এইদৰে হ’ব পাৰে। কৰ্মচাৰীৰ মূল দৰমহা-৫৬৯০০ টকা হ’লে মৰগীয়া বানচ (৩১%) – ১৭৬৩৯ টকা/প্ৰতি মাহে হ’ব। এইপৰ্যন্ত মৰগীয়া বানচ (১৭%) –৯৬৭৩ টকা আছিল। ডিএৰ বৃদ্ধি (১৭৬৩৯-৯৬৭৩) – ৭৯৬৬ টকা প্ৰতি মাহে হ’ব। সেইদৰে বাৰ্ষিক বেতন বৃদ্ধি (৭৯৬৬X১২)-৯৫,৫৯২ টকা আছিল। ৩১ শতাংশ ডিএ বৃদ্ধিৰ হিচাপত ৫৬,৯০০ টকা দৰমহা পোৱা এজনৰ বাৰ্ষিক মৰগীয়া বানচ ২,১১,৬৬৮ টকা হ’ব।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ডিএ বঢ়াই ২৮শতাংশ কৰাৰ সিদ্ধান্ত লৈছিল। এইবাৰ ইয়াক বঢ়াই ৩১শতাংশ কৰা হৈছে। ধাৰণা কৰা হৈছে যে ডিএ বৃদ্ধি অনুসৰি বৰ্ধিত দৰমহা দিপাৱলীৰ প্ৰাকক্ষণৰ দৰমহা হিচাপে দিয়া হ’ব পাৰে।
First published: