দেশৰ ৰাজধানী দিল্লীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নতুন দিল্লী ৰে’লৱে ষ্টেচনত কৰ্মৰত অৱস্থাত ধৰা পৰিল ১১ জন ভুৱা টিকট পৰীক্ষক। অভিযুক্ত কেইজনে ১৫ দিন ধৰি ষ্টেচনত কৰ্মৰত হৈ থকা বিষয়টো কোনেও জানিব পৰা নাছিল। বিষয়টো পোহৰলৈ অহাৰ পাছতে ৰাজধানীত ইমান ডাঙৰ ভুৱা কাম কেনেদৰে হৈ আছে সেই সম্পৰ্কে ৰেল প্ৰশাসন আৰু নিৰাপত্তা সংস্থাৰ ওপৰত বহু প্ৰশ্ন উত্থাপন হৈছে। খবৰ অনুসৰি, ভাৰতীয় ৰে’লৱেৰ বিষয়াগৰাকী সন্দেহত পৰাৰ পাছতে এই অভিযুক্তকেইজনক ধৰা পৰিছে৷ আৰ পি এফ আৰু ৰে’লৱে কৰ্মচাৰীয়ে এই প্ৰৱঞ্চক কেইজনক ৰে’ল আৰক্ষীক গতাই দিয়ে।
হিন্দুস্তানত প্ৰকাশিত খবৰ অনুসৰি অভিযুক্তক প্লেটফৰ্মত ডিউটি দিয়া হৈছিল। টিকট পৰীক্ষকৰ দৰে বগা চাৰ্ট আৰু ক’লা পেণ্ট পিন্ধি ডিউটিলৈ আহি ডিউটি শেষ হোৱাৰ পিছত উভতি যায়। দেশৰ ৰাজধানীত এইবাৰ এনে বৃহৎ সংখ্যক ভুৱা টিকট পৰীক্ষক ধৰা পৰিছে। সূত্ৰ অনুসৰি, মঙলবাৰে কানপুৰ শতাব্দীৰ পৰা ৰে’ল বিষয়া ৰিতেশ ৱাধৱাই যাত্ৰা কৰি আছিল আৰু টিকট পৰীক্ষা কৰা ব্যক্তিজনক দেখি সোধ-পোছ কৰাৰ সময়ত তেওঁ সন্দেহত পৰে যাৰ পিছত তেওঁক নতুন দিল্লী ষ্টেচনত গ্ৰেপ্তাৰ কৰা হয়।
প্ৰতিবেদন অনুসৰি ৰে’লৱেৰ ডিচিপি হৰেন্দ্ৰ সিঙে জনোৱা মতে, তদন্তত ৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বাকীসকলৰ ভূমিকা সম্পৰ্কে তদন্ত চলি আছে। অভিযুক্ত গোৰখপুৰৰ ভূপেন্দ্ৰ চৌৰচীয়া বুলি জানিব পৰা গৈছে। সোধা-পোছাৰ সময়ত তেওঁ আন প্ৰায় ১০ জন লোকক জনোৱাৰ লগতে একাংশ অভিযুক্তৰ পৰাও ভুৱা নিযুক্তি পত্ৰ উদ্ধাৰ কৰা হৈছে।
আৰক্ষীয়ে চলোৱা জেৰাত দেখা গৈছে যে এই আটাইকেইজন অভিযুক্ত উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু হাৰিয়ানাৰ। এই অভিযুক্তসকলৰ পৰা ২-৩ লাখ টকা লোৱা হৈছিল টিকট পৰীক্ষকৰ চাকৰি দিয়াৰ নামত আৰু আটাইকেইজনেই নতুন দিল্লী ৰে’লৱে ষ্টেচনত কোনো সূত্ৰ নোহোৱাকৈ কাম কৰি আছিল। অৱশ্যে এতিয়া আৰক্ষীয়ে নিজৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|