Zomato–এ ক’লে– কেতিয়াবা ঘৰৰ আহাৰো খাব লাগে, এমাজন–ইউটিউবে এনেকৈ কৰিলে ধেমালি

Zomatoৰ এটা ধেমেলীয়া টুইটত অন্য ব্ৰেণ্ডসমূহে ল’লে মজা। Zomatoয়ে লিখিলে, ‘বন্ধু, কেতিয়াবা ঘৰৰ আহাৰো খাব লাগে’...

News18-Assam
Updated:July 9, 2019, 6:36 PM IST
Zomato–এ ক’লে– কেতিয়াবা ঘৰৰ আহাৰো খাব লাগে, এমাজন–ইউটিউবে এনেকৈ কৰিলে ধেমালি
Zomatoৰ এটা ধেমেলীয়া টুইটত অন্য ব্ৰেণ্ডসমূহে ল’লে মজা। Zomatoয়ে লিখিলে, ‘বন্ধু, কেতিয়াবা ঘৰৰ আহাৰো খাব লাগে’...
News18-Assam
Updated: July 9, 2019, 6:36 PM IST
ফুড ডেলিভাৰী প্লেটফৰ্ম Zomatoৰ এটা ধেমেলীয়া টুইটত অন্য ব্ৰেণ্ডসমূহে ল’লে মজা। জ’মেটই লিখিলে, বন্ধু কেতিয়াবা ঘৰৰ আহাৰো খাব লাগে।’ এই টুইটটো প্ৰায় ১৯ হাজাৰ লোকে লাইক কৰিলে। এই সন্দৰ্ভত ইউটিউবে লিখিলে, ‘বন্ধু, কেতিয়াবা নিশা ৩ বজাত, ফোন কাষত থৈ শুই যাব লাগে।’



ইফালে এমাজন প্ৰাইম ভিডিঅ’ৰ অফিচিয়েল একাউণ্টৰ পৰা টুইট কৰিলে যে, ‘বন্ধু, কেতিয়াবা–কেতিয়াবা কেবলতো কিবা–কিবি চাব লাগে।’



ট্ৰেবল আৰু হোটেল বুকিং এপ ixigo–এ Zomatoৰ টুইটত লিখিলে যে, ‘বন্ধু, কেতিয়াবা কেতিয়াবা ঘৰতো বহিব লাগে।’ চাবলগীয়া কথাটো হ’ল যে এই আটাইকেইটা কোম্পানীয়ে যিসমূহ বস্তুৰ প্ৰমোট(বিক্ৰী কৰে) তাৰে ওলোটা কৰিবলৈ কৈছে টুইটসমূহত।



পেমেণ্ট এপ MobiKwikয়ে লিখিলে, ‘বন্ধু, কেতিয়াবা কেতিয়াবা লাইনত থিয় হৈও বিদ্যুতৰ বিল পৰিশোধ কৰিব লাগে।’



ফুড ডেলিভাৰী কোম্পানী Faasosয়ে লিখিলে যে কেতিয়াব কেতিয়াবা নিজেও আহাৰ প্ৰস্তুত কৰি খাব লাগে। কিন্তু Zomatoয়ে এনেকুৱা উত্তৰ দিলে যে, এই উত্তৰ পঢ়ি আপুনিও হাঁহি হাঁহি পাগল হৈ যাব। ইয়াৰোপৰি TVF আৰু হজমোলাৰ জনপ্ৰিয় ব্ৰেণ্ডেও কৰিলে টুইট।

Zomatoয়ে আটাইকেইটা টুইটৰ স্ক্ৰীণশ্বট একগোট কৰে আৰু উত্তৰত লিখিলে, ‘ বন্ধু, কেতিয়াব–কেতিয়াবা নিজেও ভাল টুইট ভাবি ল’ব লাগে।’



 
আৰু চাওক পৰৱৰ্তী বাতৰি