অনলাইনযোগে খাদ্য প্ৰদান কৰা কোম্পানী Zomatoৰ ডেলিভাৰী বয় (Delivery Boy) আৰু মহিলা গ্ৰাহকৰ (Woman Customer, Influencer) মাজত সংঘটিত মাৰপিট কাণ্ডই লৈছে নতুন মোৰ । এইবাৰ বাংগালুৰুৰ ইলেক্ট্ৰনিক চিটি আৰক্ষী থানাত ডেলিভাৰী বয় কামৰাজে দাখিল কৰা অভিযোগৰ ভিত্তিত মহিলা গ্ৰাহক হিতেশা চন্দ্ৰনীৰ বিৰুদ্ধে আইপিচিৰ ধাৰা (IPC) ৩৫৫ (আক্ৰমণ), ৫০৪ (অপমান) আৰু ৫০৬ (অপৰাধী ভাবুকি) অধীনত ৰুজু কৰা হৈছে গোচৰ | ইয়াৰ পূৰ্বে মহিলা গ্ৰাহকগৰাকীয়ে ডেলিভাৰী বয়জনৰ ওপৰত দাখিল কৰিছিল অভিযোগ ।
ডেলিভাৰী বয়জনে খাদ্য পলমকৈ যোগান ধৰাৰ বাবে মহিলা গ্ৰাহকগৰাকীয়ে কৰা অভিযোগৰ বাবেই আক্ৰমণ কৰা বুলি দাবী কৰিছিল কৰ্ণাটকৰ বাংগালুৰুৰ মডেল আৰু মেকআপ আৰ্টিছ হিতেশা চন্দ্ৰানীয়ে | টুইটযোগে চহৰ আৰক্ষীক টেগ কৰি ঘটনা সম্পৰ্কত অৱগত কৰিছিল হিতেশা চন্দ্ৰানীয়ে । তাৰ পাচতে আৰক্ষীয়ে তেওঁক সেই অঞ্চলটোৰ বিৱৰণ দিবলৈ কৈছিল যাতে তেওঁক সহায় কৰিব পাৰে ।
চন্দ্ৰানীয়ে তাইৰ নাকৰ পৰা ৰক্তক্ষৰণ হৈ থকা অৱস্থাতে কান্দি কান্দি এটা চেলফি ভিডিঅ' পোষ্ট কৰিছিল । যি ভিডিঅ' একাংশ টিভি চেনেলতো সম্প্ৰচাৰিত হৈছিল । য'ত তেওঁ সমগ্ৰ কথা বিৱৰি কৈছিল> তেওঁৰ সেই ভিডিঅ' পোষ্টতে জ'মেট'ৰ তৰফৰ পৰা কোৱা হৈছিল "আমাৰ স্থানীয় প্ৰতিনিধিসকলে সোনকালে আপোনাৰ সৈতে যোগাযোগ কৰিব আৰু আৰক্ষীৰ তদন্ত আৰু প্ৰয়োজনীয় চিকিৎসা সেৱাত আপোনাক সহায় কৰিব,"।
মহিলাগৰাকীৰ অভিযোগৰ পিছতে জ'মেট'ৰ হৈ ডেলিভাৰী কৰা যুৱকজনে দাবী কৰিছিল যে মহিলাগৰাকীয়ে তেওঁক চেণ্ডেলেৰে মাৰিছিল আৰু গালিও দিছিল। লগতে নিজৰ দোষৰ বাবে মহিলাগৰাকীয়ে নাকত আঘাত পাইছিল বুলিও উল্লেখ কৰিছিল ডেলভাৰী বয় কামৰাজে । কামৰাজে কৈছিল, "মই তেওঁক খাদ্য দিছিলো আৰু মই পেমেন্টৰ বাবে থিয় হৈ আছিলো। মই ক্ষমা বিচাৰিছিলো কিয়নো ট্ৰেফিক আৰু বেয়া ৰাস্তাৰ বাবে ডেলিভাৰীত পলম হৈছিল,"। কামৰাজে কৈছিল যে মহিলাগৰাকীয়ে খাদ্যৰ বাবে পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰিছিল |
প্ৰতিবেদন অনুসৰি, তাৰ পিছত কামৰাজে মহিলাগৰাকীক খাদ্য ঘূৰাই দিবলৈ কৈছিল যদিও তেওঁ ঘূৰাই দিবলৈ অস্বীকাৰ কৰে। কামৰাজে দাবী কৰিছিল যে তেওঁ খাদ্য ঘূৰাই নোলোৱাকৈয়ে যাবলৈ লৈছিল কিন্তু সেই সময়তে হিতেশাই তেওঁক হিন্দীতে গালি দিবলৈ লয় আৰু প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। লগতে
কামৰাজে কৈছিল , তেওঁ মোৰ হাত আঁতৰাবলৈ চেষ্টা কৰি আছিল আৰু তাৰ পিছত নিজৰে আঙুঠি নাকত লাগিছিল হিতেশাৰ আৰু ৰক্তক্ষৰণ হ'বলৈ আৰম্ভ কৰিছিল । যিসকলে হিতেশাৰ মুখমণ্ডল দেখিছে তেওঁলোকে বুজিব যে এনে আঘাত ঘূচিয়াই কৰিব নোৱাৰি আৰু যিহেতু মই আঙুঠিও নিপিন্ধো।
FIRST PUBLISHED : March 16, 2021, 18:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|