‘মই মুছলমান যুৱতী, হিন্দু স্বামীৰ ঘৰত সুখত আছো’- কি এইবোৰ লাভ জেহাদ? প্ৰশ্ন কৰিলে জাৰাই

News18 Assam | News18-Assam
Updated:October 15, 2020, 10:29 PM IST
‘মই মুছলমান যুৱতী, হিন্দু স্বামীৰ ঘৰত সুখত আছো’- কি এইবোৰ লাভ জেহাদ? প্ৰশ্ন কৰিলে জাৰাই
জাৰাই টুইটাৰত লিখিছে, হিন্দু পৰিয়ালৰ যুৱক নিখিল পড়োয়ালৰ সৈতে বিয়া হৈছো, ২০১৬ চনতে। সুখত আছো। এতিয়া কি ক’ব আপোনালোকে?’

জাৰাই টুইটাৰত লিখিছে, হিন্দু পৰিয়ালৰ যুৱক নিখিল পড়োয়ালৰ সৈতে বিয়া হৈছো, ২০১৬ চনতে। সুখত আছো। এতিয়া কি ক’ব আপোনালোকে?’

  • Share this:
তনিষ্কৰ বিজ্ঞাপনক লৈ বিতৰ্ক তুংগত। মুছলমান পৰিয়াললৈ বিয়া হয় হিন্দু যুৱতী। হিন্দু যুৱতীৰ বাবে বিশেষ আয়োজন কৰে শাহু-শহুৰ আৰু পৰিয়ালৰ লোকে। খুব সুন্দৰ এটি বিজ্ঞাপন। আৰু বিজ্ঞাপনটোক লৈয়ে একাংশৰ ক্ষোভ। কেনেকৈ হিন্দু যুৱতী মুছলমানৰ ঘৰলৈ বিয়া হ’ব? এই বিয়াখন কিয় অন্য ভাবে দেখুওৱা নহ’ল?

টুইটাৰত আৰম্ভ হৈছে বিতৰ্ক। বিভিন্ন জনে কৰিছে আলোচনা। আচলতে ধৰ্মকলৈ তৰ্কা-তৰ্কি এতিয়া বিভিন্ন সময়ত দেখা যায়। একাংশই আকৌ এইক্ষেত্ৰত উচতনি দিয়াৰো অভিযোগ আছে। বিতৰ্কৰ আৱৰ্তত সোমাই পৰাৰ পিছতে এতিয়া বিজ্ঞাপনটো আঁতৰাবলৈ বাধ্য হৈছে তনিষ্ক।

কিন্তু ইয়াৰ পিছতো ‘লাভ জেহাদ’ক লৈ অব্যাহত আছে বিতৰ্ক। একাংশই যদি কৈছে, নিজৰ ধৰ্ম বিসৰ্জন দি অন্য ধৰ্মৰ লোকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাতো অপৰাধ, সেইদৰে আন একাংশই ভালপোৱাত কেতিয়াও ধৰ্ম হেঙাৰ হ’ব নোৱাৰে বুলি মন্তব্য কৰিছে।





টুইটাৰত পুনৰ এক বিতৰ্কিত পোষ্ট শ্বেয়াৰ কৰিছে জাৰা ৰাজ পড়োয়ালে। তেওঁ এগৰাকী মুছলমান যুৱতী। পিতৃৰ ঘৰত থকাৰ সময়ত তেওঁৰ নাম আছিল ফাৰুকী। কিন্তু হিন্দু পৰিয়ালৰ নিখিল পাড়োয়ালৰ সৈতে প্ৰেম বিবাহ হয় যুৱতীগৰাকীৰ। তেওঁলোকৰ বিয়া হিন্দু-মুছলমান দুয়োটা পৰিয়ালৰ সন্মতি সাপেক্ষেই হৈছিল। সুখত আছে তেওঁলোক।

জাৰাই নিজৰ বিয়াৰ ফটো শ্বেয়াৰ কৰি টুইটাৰত লিখিছে- ‘এই পোষ্ট তানিষ্কৰ বাবে। আৰু সেইসকলৰ বাবে যি বিজ্ঞাপনটো বয়কট কৰাৰ দাবী কৰিছে। বহুতে প্ৰশ্ন কৰিছে যে, বিজ্ঞাপনটোত কিয় মুছলমান পৰিয়ালক বাচি লোৱা হ’ল? হিন্দু ধৰ্মক অপমান কৰা হ’ল নেকি? মই মুছলমান পৰিয়ালৰ ছোৱালী, নাম জাৰা ফাৰুকী। হিন্দু যুৱক নিখিল পড়োয়ালৰ সৈতে ২০১৬ চনতে বিবাহ পাশত আবদ্ধ হৈছিলো। সুখত আছো। এতিয়া কি ক’ব আপোনালোকে? এই টুইট কৰি জাৰাই সাহসেৰে নস্যাত্‍ কৰিছে ‘লাভ জেহাদ’ শব্দক।
Published by: Himangshu Bhuyan
First published: October 15, 2020, 10:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading