‘কেতিয়াও এনে মন্তব্য মানি ল’ব নোৱাৰো’ পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীক ধমক যুৱৰাজ সিঙৰ

News18 Assam | News18-Assam
Updated:May 18, 2020, 4:38 PM IST
‘কেতিয়াও এনে মন্তব্য মানি ল’ব নোৱাৰো’ পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীক ধমক যুৱৰাজ সিঙৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীৰ

  • Share this:
শিখৰ ধাৱান, গৌতম গম্ভীৰৰ পিছত এইবাৰ যুৱৰাজ সিঙেও উভতি ধৰিলে পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীক। কেইদিনমান পূৰ্বে শ্বাহিদ আফ্ৰিদীয়ে প্ৰধানমন্ত্ৰীক কোৰোণা ভাইৰাছতকৈ অধিক ভয়ানক বুলি মন্তব্য কৰিছিল। আফ্ৰিদীৰ এনে আপত্তিজনক মন্তব্যই সমগ্ৰ বিশ্বৰ ৰাজনীতিতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

আফ্ৰিদীৰ এনে মন্তব্যৰ পিছতে ভাৰতীয় ক্ৰিকেটৰ বহু তাৰকাই উভতি ধৰিছিল আফ্ৰিদীক। ক্ৰিকেটাৰ যুৱৰাজ সিঙে কয় যে, ‘আফ্ৰিদীৰ এনে মন্তব্য কেতিয়াও মানি ল’ব নোৱাৰো। দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰীক কৰা এনে মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয়।

পাকিস্তানী সেনাৰ ওচৰত আফ্ৰিদীয়ে কৈছিল যে, ‘কাশ্মীৰৰ লোকসকলে আমালৈ দেখুওৱা মৰমৰ বাবে আমি কৃতজ্ঞ। আশা কৰো অহা বৰ্ষত পাকিস্তান প্ৰিমিয়াৰ লিগত কাশ্মীৰৰ পৰাও এটা দল ওলাব। আৰু সেই দলটোৰহৈ মই খেলিব বিচাৰিম।’



আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading