কাশ্মীৰৰ এগৰাকী ইউটিউবাৰ ফৈজাল ৱানীক বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মাক সৈ এটা বিতৰ্কিত ভিডিঅ' বনোৱাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচৰাৰ কেইঘণ্টামানৰ ভিতৰতে গ্ৰেপ্তাৰ কৰে। শনিবাৰে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইউটউবাৰগৰাকী (YouTuber from Kashmir has been arrested)।
ফৈজালৰ ইউটিউবত নিজা চেনেল আছে। তেওঁ গ্ৰাফিকৰ কামো কৰে। ফৈজালে অলপতে এটা গ্ৰাফিক ভিডিঅ' বনাইছিল। তাত নূপুৰ শৰ্মাৰ (Nupur Sharma ) পুত্তলিকা শিৰচ্ছেদ কৰা দেখুওৱা হৈছিল। ভিডিঅ'টো নেটৰ মাজেৰে বিয়পি পৰাৰ লগে লগে কাশ্মীৰৰ এই ইউটিউবাৰজন যথেষ্ট সমালোচনাৰ সন্মুখীন হ'ব লগা হয়। অৱশেষত, তেওঁৰ বিতৰ্কিত ভিডিঅ'টোৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচাৰে।
শনিবাৰে এটা ভিডিঅ' মুকলি কৰি তেওঁ কয়, "মই ভবা নাছিলোঁ যে ভিডিঅ'টো জুইৰ দৰে ভাইৰেল হ'ব। মই কাকো আঘাত কৰাৰ কোনো অসৎ উদ্দেশ্যৰে ভিডিঅ'টো কৰা নাছিলো। যদি এই ঘটনাৰ দ্বাৰা কাৰোবাক আঘাত কৰা হয় তেন্তে মই ক্ষমা বিচাৰোঁ।'' ফৈজালে ভিডিঅ'টো ইউটিউবৰ পৰা আঁতৰাই দিছিল।
কিন্তু ভিডিঅ'টো আঁতৰালেও শেষৰক্ষা নহ'ল। ফৈজালক আজি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Jammu and Kashmir police)।
Published by: Gautam Barman
FIRST PUBLISHED : June 11, 2022, 20:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।