আধুনিক বিশ্বত উন্নয়নৰ নামত গছ-গছনি ধ্বংসৰ বিষয়টো প্ৰায়েই বিভিন্ন মাধ্যমত চৰ্চিত আৰু সমালোচিত হৈ আহিছে। যিকোনো প্ৰকল্পৰ নামত ভাৰতত যধে-মধে গছ কটাতো এক অশুভ পৰম্পৰাত পৰিণত হৈছে। তেনে সময়তে এই ফটোখনে প্ৰকৃতি প্ৰেমী লোকলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। এই ফটোখনে গছ নাকাটিবলৈ অনুপ্ৰাণিত কৰিছে সকলোকে।
এই ফটোখন হৈছে ঝাৰখণ্ডৰ, য'ত ৬জন যুৱকে এজোপা গছ বাঁহ এডালেৰে বান্ধি লৈ কান্ধত দাঙি নিছে আন এঠাইত ৰোপণ কৰিবলৈ। “এখন ছবিয়ে হাজাৰ শব্দতকৈ বেছি কথা কয়” (A picture says more than 1000 words), এই কেপচনেৰে এই সুন্দৰ ফটোখন ছেয়াৰ কৰিছে ঝাৰখণ্ডৰ ডেপুটী কালেক্টৰ সঞ্জয় কুমাৰে। ৬ জন গ্ৰীণ ৱাৰিয়ৰে শিপাৰে সৈতে গছজোপাৰ ডাল-পাত নকটাকৈ তুলি নিছে আন ঠাইত ৰোপণ কৰিবলৈ।
এই ফটোখনে চচিয়েল মিডিয়াত লাভ কৰিছে ভূয়সী প্ৰশংসা। বহুতেই লিখিছে নতুন প্ৰজন্ম পৰিৱেশৰ প্ৰতি অতি সচেতন। টুইটাৰত এজনে লিখিছে “যুৱকসকল কাইলৈৰ ভাৰসাম্য পৰিৱেশৰ স্তম্ভ।”
উল্লেখ্য যে আজিৰ দিনত শিপাৰে সৈতে গছ উভালি নিব পৰা যন্ত্ৰও আছে যদিও ঝাৰখণ্ডৰ এই ফটোখনে ইয়াকেই সূচাইছে যে ৰাজ্যখনত এই পৰম্পৰা পূৰ্বৰে পৰাই চলি আহিছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : July 05, 2021, 20:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।