ঘৰৰ সন্মুখত কিয় প্ৰস্ৰাৱ কৰিছে? প্ৰশ্ন কৰাৰ বাবেই যুৱকক নৃশংসভাৱে হত্যা

চিমেণ্টৰ শ্লেপেৰে প্ৰহাৰ কৰাত গুৰুতৰভাৱে আহত হয় লিলু। অৱশেষত হাস্পতালত মৃত্যুক সাবটি লয় যুৱকজনে।

news18assam
Updated:June 4, 2019, 3:27 PM IST
ঘৰৰ সন্মুখত কিয় প্ৰস্ৰাৱ কৰিছে? প্ৰশ্ন কৰাৰ বাবেই যুৱকক নৃশংসভাৱে হত্যা
চিমেণ্টৰ শ্লেপেৰে প্ৰহাৰ কৰাত গুৰুতৰভাৱে আহত হয় লিলু। অৱশেষত হাস্পতালত মৃত্যুক সাবটি লয় যুৱকজনে।
news18assam
Updated: June 4, 2019, 3:27 PM IST
যুৱকজনে মাত্ৰ অপকৰ্মৰ প্ৰতিবাদ কৰিছিল। সেই প্ৰতিবাদৰ বাবেই যে সি প্ৰাণ দিবলগা হ’ব পাৰে সেই কথা হয়তো কল্পনাই কৰা নাছিল। কিন্তু সেয়াই ঘটিল। ঘটনাটো দিল্লীৰ গোবিন্দপুৰীৰ সমীপৰ। দেওবাৰে নিশা ২৮ বছৰীয়া লিলু নামৰ যুৱকজনে দেখিলে যে এজন লোকে তেওঁলোকৰ ঘৰৰ সন্মুখত প্ৰস্ৰাৱ কৰি আছে। মন সিং নামৰ ৬৫ বছৰীয়া লোকজনৰ এই অপকৰ্মৰ প্ৰতিবাদ কৰে যুৱকজনে। তাকে লৈ লোকজনৰ সৈতে কাজিয়াৰ সূত্ৰপাত হয় লিলুৰ। সেই সময়তে ঘটনাস্থলীত উপস্থিত হয় মন সিঙৰ পত্নী আৰু পুত্ৰ। তিনিও মিলি প্ৰহাৰ কৰে যুৱকজনক। চিমেণ্টৰ শ্লেপেৰে প্ৰহাৰ কৰাত গুৰুতৰভাৱে আহত হয় লিলু। অৱশেষত হাস্পতালত মৃত্যুক সাবটি লয় যুৱকজনে।
আৰু চাওক পৰৱৰ্তী বাতৰি