প্ৰেমিকৰ সৈতে আপত্তিজনক অৱস্থাত নিজৰ নাবালিকা কন্যাক দেখিলে পিতৃয়ে, তাৰ পিছত এক ভয়ংকৰ ঘটনা

দুটা প্ৰতিৱেশী পৰিয়ালৰ এজন যুৱক আৰু এগৰাকী কিশোৰীৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক। দুয়োটা পৰিয়ালৰ মাজত অত্যন্ত মিলাপ্ৰীতি। ফলত এই প্ৰেমক লৈ কোনোৱে সন্দেহ কৰা নাছিল।

News18-Assam
Updated:November 3, 2019, 11:34 AM IST
প্ৰেমিকৰ সৈতে আপত্তিজনক অৱস্থাত নিজৰ নাবালিকা কন্যাক দেখিলে পিতৃয়ে, তাৰ পিছত এক ভয়ংকৰ ঘটনা
দুটা প্ৰতিৱেশী পৰিয়ালৰ এজন যুৱক আৰু এগৰাকী কিশোৰীৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক। দুয়োটা পৰিয়ালৰ মাজত অত্যন্ত মিলাপ্ৰীতি। ফলত এই প্ৰেমক লৈ কোনোৱে সন্দেহ কৰা নাছিল।
News18-Assam
Updated: November 3, 2019, 11:34 AM IST
প্ৰেমৰ বাবেই সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ড। প্ৰেমিকাৰ পিতৃয়ে নৃশংসভাৱে হত্যা কৰিলে এজন ২৭ বছৰীয়া যুৱকক। নিজৰ নাবালিকা কন্যাক প্ৰেমিকৰ সৈতে আপত্তিজনক অৱস্থাত প্ৰত্যক্ষ কৰাৰ পিছতে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰে প্ৰেমিকাৰ পিতৃয়ে। ঘটনাটো উত্তৰ প্ৰদেশৰ মহোবাৰ সেনাপতি নগৰৰ।

দুটা প্ৰতিৱেশী পৰিয়ালৰ এজন যুৱক আৰু এগৰাকী কিশোৰীৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক। দুয়োটা পৰিয়ালৰ মাজত অত্যন্ত মিলাপ্ৰীতি। ফলত এই প্ৰেমক লৈ কোনোৱে সন্দেহ কৰা নাছিল। কোনো বাধা নোহোৱাকৈ প্ৰেমিক–প্ৰেমিকাই অহা–যোৱা কৰিব পাৰিছিল দুয়োটা পৰিয়ালত। লাহে লাহে দুয়োৰে সম্পৰ্ক গভীৰ হৈছিল।

শনিবাৰে নিশা নিজৰ নাবালিকা কন্যাক প্ৰেমিকৰ সৈতে আপত্তিজনক অৱস্থাত প্ৰত্যক্ষ কৰে পিতৃয়ে। তাৰ পিছতে সৃষ্টি হয় কাজিয়াৰ। খঙত অগ্নিশৰ্মা হৈ প্ৰেমিকাৰ পিতৃয়ে যুৱকজনক লাঠিৰে প্ৰহাৰ কৰাৰ লগতে বেল্টেৰে ডিঙি চেপি হত্যা কৰে।

ঘটনাৰ খবৰ পাই উপস্থিত হোৱা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। হত্যাকাণ্ডৰ পিছতে পলায়ন কৰে প্ৰেমিকাৰ পিতৃয়ে। আৰক্ষীয়ে অভিযুক্তক বিচাৰি অ‍ব্যাহত ৰাখিছে অভিযান।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি