প্ৰেমত প্ৰতাৰণা! ৰে’ল লাইনত থিয় হৈ প্ৰেমিকালৈ শেষ ভিডিঅ’ মেছেজ যুৱকৰ, তাৰ পিছত...

News18 Assam | News18-Assam
Updated:January 13, 2020, 12:54 PM IST
প্ৰেমত প্ৰতাৰণা! ৰে’ল লাইনত থিয় হৈ প্ৰেমিকালৈ শেষ ভিডিঅ’ মেছেজ যুৱকৰ, তাৰ পিছত...
যুৱকজনৰ নাম মনোজ সোৱাইন বুলি জানিব পৰা গৈছে। যুৱকজনৰ পকেটৰ পৰা উদ্ধাৰ হোৱা পৰিচয় পত্ৰৰ পৰা নিয়ালি ব্লকৰ কান্তিৱালাৰ বাসিন্দা বুলি সদৰি কৰে আৰক্ষীয়ে। ভিডিঅ’ত যুৱকজনে প্ৰতাৰণাৰ বাবে প্ৰেমিকাক দোষাৰোপ কৰিছে।

  • Share this:
প্ৰেমিকাৰ দ্বাৰা প্ৰতাৰিত হৈ জীৱনৰ মোহ এৰিলে এজন যুৱকে। ঘটনাটো ওড়িশাৰ তালদানদা কেনেল ষ্টেচনৰ। ৰে’ল ষ্টেচনত থিয় হৈ নিজৰ ফোনটোৰে প্ৰথমে ভিডিঅ’ ৰেকৰ্ডিং কৰা দেখা গৈছিল যুৱকজনক। তাৰ পিছতে প্লেটফৰ্মৰ পৰা দুৰন্ত গতিত অহা এখন ৰে’লৰ আগত জাপ দিয়ে যুৱকজনে। সেই সময়ত অন হৈ আছিল পোনৰ ৰেকৰ্ডিং। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ।

যুৱকজনৰ নাম মনোজ সোৱাইন বুলি জানিব পৰা গৈছে। যুৱকজনৰ পকেটৰ পৰা উদ্ধাৰ হোৱা পৰিচয় পত্ৰৰ পৰা নিয়ালি ব্লকৰ কান্তিৱালাৰ বাসিন্দা বুলি সদৰি কৰে আৰক্ষীয়ে। ভিডিঅ’ত যুৱকজনে প্ৰতাৰণাৰ বাবে প্ৰেমিকাক দোষাৰোপ কৰিছে।

জয়পুৰৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল যুৱকজনৰ। ভিডিঅ’ত যুৱকজনে কৈছে যে বিগত এমাহ ধৰি প্ৰেমিকাই গুৰুত্ব দিয়া নাছিল। আন যুৱকৰ সৈতে প্ৰেমিকাৰ বিয়া ঠিক হোৱা বুলি ভিডিঅ’ত জনাইছে।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি