আজিৰে পৰা সমগ্ৰ দেশত সলনি হ’ব ড্ৰাইভিং লাইচেঞ্চ আৰু RC, শীঘ্ৰেই কৰিব লাগিব আপডেট

দেশজুৰি যান–বাহন আইনত সমতা আৰু ঐক্য বজাই ৰখাৰ লগতে এখন ৰাজ্যৰ চালকে আন এখন ৰাজ্যলৈ যোৱাৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধাত পৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

News18-Assam
Updated:October 1, 2019, 10:19 AM IST
আজিৰে পৰা সমগ্ৰ দেশত সলনি হ’ব ড্ৰাইভিং লাইচেঞ্চ আৰু RC, শীঘ্ৰেই কৰিব লাগিব আপডেট
দেশজুৰি যান–বাহন আইনত সমতা আৰু ঐক্য বজাই ৰখাৰ লগতে এখন ৰাজ্যৰ চালকে আন এখন ৰাজ্যলৈ যোৱাৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধাত পৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।
News18-Assam
Updated: October 1, 2019, 10:19 AM IST
আজিৰে পৰা ড্ৰাইভিং লাইচেঞ্চ আৰু আৰ চিত কিছু সালসলনিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। দেশৰ যান–বাহন আইন অধিক ফলপ্ৰসূ কৰি তোলাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। দেশজুৰি যান–বাহন আইনত সমতা আৰু ঐক্য বজাই ৰখাৰ লগতে এখন ৰাজ্যৰ চালকে আন এখন ৰাজ্যলৈ যোৱাৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধাত পৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

কি থাকিব ড্ৰাইভিং লাইচেঞ্চ, RCত
নতুন নিয়ম অনুসৰি ড্ৰাইভিং লাইচেঞ্চ আৰু RCত থাকিব মাইক্ৰ’চিপ আৰু কিউ আৰ কোড। দেশৰ প্ৰতিখন ৰাজ্যৰ ড্ৰাইভিং লাইচেঞ্চ আৰু RC একে ৰঙৰ হ’ব। বহু ৰাজ্যত ড্ৰাইভিং লাইচেঞ্চ আৰু RCৰ বিৱৰণ সন্মুখৰ ফালে থাকে আৰু কেতবোৰ ৰাজ্যত এয়া পিছফালে থকা দেখা যায়। কিন্তু নতুন নিয়ম অনুসৰি নিৰ্দিষ্ট এক ঠাইতহে থাকিব লাগিব এই বিৱৰণ।

কি থাকিব কিউ আৰ কোডত
কিউ আৰ কোডৰ জৰিয়তে কেন্দ্ৰীয় ডাটাবেছৰ সৈতে সকলো চালক আৰু বাহন সম্পৰ্কীয় তথ্য উপলব্ধ হ’ব। এই কোড পৰীক্ষণৰ বাবে যান-বাহন আৰক্ষীৰ হাতত থাকিব হেণ্ডি ট্ৰেকিং ডিভাইচ। সকলো ড্ৰাইভিং লাইচেঞ্চৰ পিছফালে এটা আপাতকালীন নম্বৰ থাকিব যিটো অপাতকালীন সময়ত চালকসকলে ব্যবহাৰ কৰিব পাৰিব। এই নম্বৰটোৰ যোগেদি আৰক্ষী অথবা দায়িত্বত থকা আন কোনো বিষয়াৰ সৈতে যোগাযোগ কৰিব পৰা হ’ব। কিন্তু চৰকাৰৰ নতুন সিদ্ধান্তৰ পিছত এতিয়াও ড্ৰাইভিং লাইচেঞ্চ আৰু RCৰ বিৱৰণ কোন স্থানত থাকিব সেয়া সিদ্ধান্ত হোৱা নাই।

লগতে চাওক
ৰঙা শাৰীৰে ছানী লিয়নী!, ৰূপালী পৰ্দাত এইবাৰ নৱাজুদ্দিন ছিদ্দিকীৰ সৈতে যুটী ছানীৰ

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি