সম্পৰ্কত বাধা দিয়াৰ বাবে জীৱন ত্যাগ প্ৰেমিকাৰ! কান্দি কান্দি সকলোৰে সন্মুখত মৃত প্ৰেমিকাক সেন্দুৰ পিন্ধালে দুৰ্ভগীয়া প্ৰেমিকে

News18 Assam | News18-Assam
Updated:October 10, 2020, 11:23 AM IST
সম্পৰ্কত বাধা দিয়াৰ বাবে জীৱন ত্যাগ প্ৰেমিকাৰ! কান্দি কান্দি সকলোৰে সন্মুখত মৃত প্ৰেমিকাক সেন্দুৰ পিন্ধালে দুৰ্ভগীয়া প্ৰেমিকে
যুৱকজনে মৃত তনিমাৰ শীৰত সেন্দুৰ পিন্ধাই দিয়ে। এই ঘটনাই হতচকিত কৰি তুলিছে সকলোকে। কিন্তু স্থানীয় লোকে মাৰধৰ কৰে যুৱকজনক।

যুৱকজনে মৃত তনিমাৰ শীৰত সেন্দুৰ পিন্ধাই দিয়ে। এই ঘটনাই হতচকিত কৰি তুলিছে সকলোকে। কিন্তু স্থানীয় লোকে মাৰধৰ কৰে যুৱকজনক।

  • Share this:
প্ৰেমৰ সম্পৰ্ক মানি লোৱা নাছিল যুৱতীগৰাকীৰ পৰিয়ালে। যুৱকজনৰ সৈতে সম্পৰ্ক ত্যাগ কৰিবলৈ পৰিয়ালৰ লোকে দিছিল হেঁচা। আৰু সেই কাৰণেই নিজৰ জীৱন ত্যাগ কৰিলে এগৰাকী যুৱতীয়ে। প্ৰেমিকাৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে মৃত প্ৰেমিকাৰ ঘৰলৈ গৈ সকলোৰে সন্মুখত সেন্দুৰ পিন্ধাই দিয়ে যুৱকজনে।

ঘৰৰ লোকে প্ৰেমৰ সম্পৰ্ক মানি নোলোৱাৰ পিছতে ফাঁচী লাগি নিজৰ জীৱন শেষ কৰে এগৰাকী যুৱতীয়ে। কিন্তু মৃতদেহ নমোৱাৰ পিছত কপালত সেন্দুৰ পিন্ধাই দিয়ে প্ৰেমিক যুৱকজনে। এই ঘটনাক কেন্দ্ৰ কৰি পশ্চিম বংগৰ পূৰ্ব বৰ্ধমান জিলাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ পিছতে স্থানীয় একাংশই যুৱকজনক প্ৰহাৰ কৰে। যুৱকজনৰ অভিযোগ, যুৱতীগৰাকীৰ মৃত্যুৰ বাবে দায়ী পৰিয়ালৰ লোক।

মৃত যুৱতীগৰাকীৰ নাম তানিমা মণ্ডল। বৃহস্পতিবাৰে বিয়লি নিজ ঘৰতে উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। যুৱতীগৰাকীৰ মৃত্যু বাতৰিত মৰ্মাহত হৈ পৰে প্ৰেমিক যুৱকজন। আৰু তেতিয়াই যুৱকজনে যুৱতীগৰাকী ঘৰত উপস্থিত হৈ মৃত প্ৰেমিকাৰ কপালত পেন্দুৰ পিন্ধাই দিয়ে।

স্থানীয় একাংশই কোৱা মতে, একাদশ শ্ৰেণীত পঢ়ি থকাৰ সময়ৰ পৰাই দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু এই সম্পৰ্ক মানি লোৱা নাছিল যুৱতীগৰাকীৰ পৰিয়ালে। এই সম্পৰ্ক শেষ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল পৰিয়ালৰ লোকে। কিন্তু পৰিয়ালৰ হেঁচা সহ্য কৰিব নোৱাৰি অৱশেষত যুৱতীগৰাকীয়ে বাচি ল’লে জীৱন ত্যাগৰ পথ।
Published by: Himangshu Bhuyan
First published: October 10, 2020, 11:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি