প্ৰেমিকাক লগ কৰিবলৈ গৈ মৃত্যু যুৱকৰ, মৰিয়াই মৰিয়াই হত্যা কৰিলে চাৰি মহিলাই

News18-Assam
Updated:November 17, 2019, 10:02 AM IST
প্ৰেমিকাক লগ কৰিবলৈ গৈ মৃত্যু যুৱকৰ, মৰিয়াই মৰিয়াই হত্যা কৰিলে চাৰি মহিলাই
অভিযুক্ত চাৰিওগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

অভিযুক্ত চাৰিওগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

  • News18 Assam
  • Last Updated: November 17, 2019, 10:02 AM IST
  • Share this:
বিহাৰৰ বকছৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। প্ৰেমিকাক সাক্ষাৎ কৰিবলৈ যোৱা এজন যুৱকক মৰিয়াই হত্যা কৰিলে চাৰিগৰাকী মহিলাই। মৃত যুৱকজনৰ নাম মুকেশ কুমাৰ।

প্ৰেমিকাক লগ পাবলৈ ঘৰলৈ গৈছিল মুকেশে। সেই সময়তে তাত উপস্থিত থকা চাৰি মহিলাই যুৱকজনক কৰায়ত্ত কৰি বেয়াকৈ প্ৰহাৰ কৰে। ফলত সেই স্থানতে মৃত্যু হয় যুৱকজনৰ। হত্যাৰ পিছতে যুৱকজনৰ মৃতদেহ পথৰ দাঁতিত পেলাই দিয়ে মহিলাকেইগৰাকীয়ে।

ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। অভিযুক্ত চাৰিওগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি