ইণ্টাৰনেটৰ পৰা সংগৃহীত ফটো।
ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত (IGI) সোমবাৰে সংঘটিত ঘটনাই হতচকিত কৰিছে সকলোকে। আহমেদাবাদৰ বাসিন্দা যুৱকজনে বগা চুলিৰে হুইলচেয়াৰত বহি এয়াৰপৰ্টত উপস্থিত হৈছিল।
- News18
- Last Updated :
নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত সোমবাৰে এক আচৰিত ঘটনা সংঘটিত হয়। এজন ৩২বছৰীয়া যুৱকে ৮১বছৰীয়া বৃদ্ধিৰ ভেশত আমেৰিকা যোৱাৰ চেষ্টা কৰিছিল। যুৱকজনে বিমানবন্দৰত যাৱতীয় সকলো ক্লিয়াৰেন্স সম্পন্নও কৰিছিল। তেনেকুৱাতে CISFৰ হাতত যুৱকজন ধৰা পৰে। পৰৱৰ্তী সময়ত যুৱকজনক আৰক্ষীৰ হাতত গতাই দিয়া হয়। আৰক্ষীয়ে জনোৱা মতে, যুৱকজন আহমেদাবাদৰ বাসিন্দা আৰু তেওঁৰ নাম জয়েশ পেটেল।
নৱভাৰত টাইমছৰ এক প্ৰতিবেদন অনুসৰি চিআইএছএফে কয় যে, অভিযুক্ত পেটেল অমৰিক সিঙৰ নামেৰে নিউয়ৰ্কলৈ গৈ আছিল। ইয়াৰ বাবে নিজকে বৃদ্ধ সজাবলৈ চশমা পিন্ধাৰ লগতে হুইল চেয়াৰত এয়াৰপৰ্টত উপস্থিত হৈছিল। শেষ স্তৰৰ সুৰক্ষাজনিত অনুসন্ধানত যেতিয়া চিআইএছএফে তেওঁক ৰখায় তেতিয়া তেওঁ হুইল চেয়াৰৰ পৰা উঠিবলৈ অস্বীকাৰ কৰে। প্ৰশ্ন কৰোতে যুৱকজনে নিৰাপত্তাৰক্ষীৰ চকুলৈও চোৱা নাছিল। এইবোৰ কাৰণত নিৰাপত্তাৰক্ষীৰ সন্দেহ বাঢ়ি যায়।
চিআইএছএফে জনোৱা মতে যুৱকজনৰ পাছপৰ্টত জন্ম তাৰিখ ১ ফেব্ৰুৱাৰী, ১৯৩৮ লিখা আছিল। তেওঁ নিজৰ চুলি আৰু দাঢ়ি ৰং কৰি লৈছিল। ভালকৈ চাওতে নিৰাপত্তাৰক্ষীসকলে যুৱকজনৰ চাল ৮১ বছৰীয়া বৃদ্ধৰ যেন একেবাৰে নহয় যেন অনুমান হয়। অলপ টানকৈ সোধা–পোছা কৰাত যুৱকজন ভাঙি পৰে আৰু সৈ কাঢ়ি দিয়ে। যুৱকজনে স্বীকাৰ কৰে যে তেওঁ বেলেগৰ পাছপাৰ্টত আমেৰিকালৈ যাব লৈছিল। ইয়াৰ পিছতে চিআইএছএফে যুৱকজনক আৰক্ষীৰ হাতত গতাই দিয়ে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|