WhatsApp–ৰ এই চৰ্ত নামানিলে আপুনি ৮ফেব্ৰুৱাৰীৰ পাছত ব্যৱহাৰ কৰিব নোৱাৰে সেৱা! জানক সবিশেষ

News18 Assam | News18-Assam
Updated:January 12, 2021, 12:24 PM IST
WhatsApp–ৰ এই চৰ্ত নামানিলে আপুনি ৮ফেব্ৰুৱাৰীৰ পাছত ব্যৱহাৰ কৰিব নোৱাৰে সেৱা! জানক সবিশেষ
আনহাতে ভাৰতবৰ্ষত এখন শক্তিশালী Data Privacy Act নথকাৰ কাৰণে দেশখনত ৪০কোটি ব্যৱহাৰকাৰী থকাৰ পাছতো WhatsAppএ এনে কাম কৰিবলৈ সাহস পাইছে–মন্তব্য বিশেষজ্ঞৰ।

আনহাতে ভাৰতবৰ্ষত এখন শক্তিশালী Data Privacy Act নথকাৰ কাৰণে দেশখনত ৪০কোটি ব্যৱহাৰকাৰী থকাৰ পাছতো WhatsAppএ এনে কাম কৰিবলৈ সাহস পাইছে–মন্তব্য বিশেষজ্ঞৰ।

  • Share this:
আন বহুতৰ দৰে আপুনিও চাগৈ নপঢ়াকৈয়ে সন্মতি প্ৰদান কৰিলে WhatAppএ প্ৰেৰণ কৰা চৰ্ত সমূহত । কাৰণ এই Terms and Conditionত সন্মতি প্ৰদান নকৰিলে আপুনি ব্যৱহাৰ কৰিব নোৱাৰে এই বার্তা প্ৰেৰণ সেৱা । প্ৰতিষ্ঠানটোৱে সন্মতি প্ৰদানৰ অন্তিম তাৰিখ বান্ধি দিছে ৮ ফেব্ৰুৱাৰী ।  কিন্তু ব্যৱহাৰকাৰীয়ে কিহত সন্মতি প্ৰদান কৰিলে ? এই সন্মতি হৈছে WhatsAppত একাউণ্ট খোলাৰ সময়ত ব্যৱহাৰকাৰীয়ে প্ৰদান কৰা তথ্য Facebook আৰু Instagramক উপলবদ্ধ কৰোৱাৰ । উল্লেখযোগ্য যে Facebook–এ ২০১৪চনত WhatsApp ক্ৰয় কৰিছিল আৰু Instagramও Facebookৰ ভগ্নী প্ৰতিষ্ঠান ।

WhatsAppৰ এনে মইমতালিৰ তীব্র বিৰোধিতা কৰিছে দিল্লীৰ Cyber বিশেষজ্ঞ সুবিমল ভট্টাচাৰ্য্যই । বলপূৰ্বক সন্মতি প্ৰাপ্তি নীতিবিৰুদ্ধ আখ্যা দিছে ভট্টাচাৰ্যই । তেওঁ কয় যোৱা ১০বছৰে তেনে কোনো চৰ্ত আৰোপ নকৰি এতিয়া জনপ্রিয়তা লাভ কৰাৰ পাছত চৰ্ত আৰোপ কৰাটো নীতিগত ভাৱে ঠিক নহয় ।

এতিয়া প্ৰশ্ন হয় WhatsAppএ ব্যক্তিগত একাউণ্টৰ যোগেদি ব্যৱহাৰকাৰীয়ে আপোনজনৰ লগত পতা কথাও Facebookলৈ প্ৰেৰণ কৰিব নেকি ? এই প্ৰশ্নৰ উত্তৰ দি ভট্টাচাৰ্যই কয় - Private messaging end-to-end encryption প্ৰক্ৰিয়াৰ যোগেদি সুৰক্ষিত থাকিব বুলি দাবী কৰিছে WhatsAppএ; কিন্তু Facebookক প্ৰদান কৰিব পাৰিব Business Accountৰ যোগেদি হোৱা কথোপকথনৰ সবিশেষ  আৰু প্ৰেৰণ কৰিব পাৰিব WhatsAppৰ যোগেদি কৰা bankৰ transaction । তাৰ পাছত এই তথ্য সমূহ Facebookএ আন প্ৰতিষ্ঠানক বিক্রী কৰাৰো অৱকাশ আছে ।

আনহাতে ভাৰতবৰ্ষত এখন শক্তিশালী Data Privacy Act নথকাৰ কাৰণে দেশখনত ৪০কোটি ব্যৱহাৰকাৰী থকাৰ পাছতো WhatsAppএ এনে কাম কৰিবলৈ সাহস পাইছে বুকি ক'ব খোজে ভট্টাচাৰ্যই । ইউৰোপত কিন্তু শক্তিশালী আইন থকাৰ কাৰণে ইউৰোপৰ লোক সকলে মানিব নালাগে এনে চৰ্ত । কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবি শঙ্কৰ প্ৰসাদে Facebook Indiaৰ কৰ্তৃপক্ষক লগ ধৰি ধমক দিব লাগে বুলিও কয় ভট্টাচাৰ্যই ।

WhatsApp ব্যৱহাৰকাৰী সকলে এতিয়া আৰম্ভ কৰিছে Telegram, Signal আদি বার্তা প্রেৰণ সেৱা । কিন্তু এইবোৰৰ উৎপত্তিও বিদেশত হৈছে আৰু জনপ্ৰিয়তা লাভ কৰাৰ পাছত তেনে চৰ্ত যে আৰোপ নকৰিব নিশ্চয়তা নাই । তেনে ক্ষেত্ৰত এটা দেশীয় প্ৰযুক্তিৰে পৰিচালিত তথা ভাৰততে প্ৰস্তুত কৰা সেৱা সময়ৰ আহ্বান ।
First published: January 12, 2021, 12:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading