Union Budget 2019:৫ লাখ টকা পৰ্যন্ত বছৰি আয়ৰ ক্ষেত্ৰত আয়কৰ ৰেহাই, কিন্তু দাখিল কৰিব ITRলাগিব

৫লাখ টকা পৰ্যন্ত বছৰি আয়ৰ ক্ষেত্ৰত আয়কৰৰ চেকশ্যন ৮৭এৰ অধীনত কৰ ৰেহাই প্ৰদান কৰা হৈছে। কিন্তু এই সুবিধা আয়কৰ ৰিটাৰ্ণ দাখিল কৰিলেহে লাভ কৰিব। 

News18
Updated:July 5, 2019, 12:28 PM IST
Union Budget 2019:৫ লাখ টকা পৰ্যন্ত বছৰি আয়ৰ ক্ষেত্ৰত আয়কৰ ৰেহাই, কিন্তু দাখিল কৰিব ITRলাগিব
৫লাখ টকা পৰ্যন্ত বছৰি আয়ৰ ক্ষেত্ৰত আয়কৰৰ চেকশ্যন ৮৭এৰ অধীনত কৰ ৰেহাই প্ৰদান কৰা হৈছে। কিন্তু এই সুবিধা আয়কৰ ৰিটাৰ্ণ দাখিল কৰিলেহে লাভ কৰিব। 
News18
Updated: July 5, 2019, 12:28 PM IST
যদি আপোনাৰ বছৰি আয় পাঁচ লাখ টকা বা তাতোকৈ কম আৰু আপুনি ভাবি আছে যে আপুনি কৰৰ সৈতে সম্পৰ্কিত নিয়মৰ পৰা ৰক্ষা পৰিছে তেনেহ’লে আপোনাৰ ভুল হৈছে। চৰকাৰৰ নতুন ব্যৱস্থা অনুসৰি আপুনি ৫লাখ টকা পৰ্যন্ত আয়ৰ ক্ষেত্ৰত কৰ দিব নালাগে ঠিকেই কিন্তু আপুনি ইনকম টেক্স ৰিটাৰ্ণ দাখিল কৰাটো অনিবাৰ্য। মোদী চৰকাৰে নিজৰ অন্তৱৰ্তীকালীন বাজেটত এই কথা ঘোষণা কৰিছিল। এইপৰ্যন্ত ৬০বছৰৰ অনুৰ্ধ লোকৰ ক্ষেত্ৰত ২.৫লাখ টকা লৈকে আয়কৰ ৰেহাই আৰু জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত ৩লাখ টকালৈ আয়কৰ ৰেহাইৰ ব্যৱস্থা আছিল।

মোদী চৰকাৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম খন বাজেট দাখিল কৰিছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। নতুন বাজেটৰ ব্যৱস্থা মতে ২০১৯–২০ৰ ভিতৰত আয়কৰ ৰেহাই লাভ কৰিবলৈ আপুনি নিজৰ বছৰি আয়ৰ ক্ষেত্ৰত কৰ ৰেহাই লাভ কৰিবলৈ আপুনি নিজৰ বছৰি আয় ঘোষণা কৰিব লাগিব। ইয়াৰ কাৰণে দাখিল কৰিব লাগিব আয়কৰ ৰিটাৰ্ণ।
আৰু চাওক পৰৱৰ্তী বাতৰি