ৰিলিজ হোৱাৰ দিনাই ঘৰতে বহি চাব পাৰিব চিনেমা, কেনেকৈ?

News18-Assam
Updated:August 12, 2019, 2:12 PM IST
ৰিলিজ হোৱাৰ দিনাই ঘৰতে বহি চাব পাৰিব চিনেমা, কেনেকৈ?
এই সেৱা মুকলি কৰা হ’ব ২০২০ চনৰ মধ্যভাগত।

এই সেৱা মুকলি কৰা হ’ব ২০২০ চনৰ মধ্যভাগত।

  • Share this:
শীঘ্ৰে ৰিলায়েঞ্চে আৰম্ভ কৰিব জিঅ’ গিগা ফাইবাৰ সেৱা। এই সেৱাৰ জৰিয়তে ৰিলিজ হোৱাৰ দিনাই গ্ৰাহকে ঘৰতে চাব পাৰিব চিনেমা। এই সেৱা মুকলি কৰা হ’ব ২০২০ চনৰ মধ্যভাগত। ৰিলায়েঞ্চৰ ৪২সংখ্যক বাৰ্ষিক সাধাৰণ সভাত এই ঘোষণা ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীৰ।

তদুপৰি, জিঅ’ ফৰএভাৰ এনুৱেল প্লেনৰ সৈতে থাকিব ৱেলকাম অফাৰ। জিঅ’ ফাইবাৰে বিনামূলীয়াকৈ আগবঢ়াব HD/4K টেলিভিছন আৰু 4K ছেট–টপ বক্স।

ভাৰতত ডিজিটেল পৰিৱৰ্তনত গতি প্ৰদানৰ লক্ষ্যৰে Microsoftৰ সৈতে Jioই হাত মিলাই আগবঢ়াৰ কথাও উল্লেখ কৰে আম্বানীয়ে। এই সভাতে আকাশ আম্বানী আৰু ঈশা আম্বানীয়ে মিক্সড ৰিয়েলিটী ডিভাইচ হিচাপে পৰিচিত ৰিলায়েঞ্চৰ ভাৰ্চুৱেল ৰিয়েলিটী হেডছেটৰ শৈক্ষিক বিশেষত্বসমূহ প্ৰদৰ্শন কৰে।

সভাত উপস্থিত থাকি মাইক্ৰ’ছফ্টৰ CEO সত্য নাডেল্লাই কয় – আমাৰ লক্ষ্য হ’ল ভাৰতৰ সকলো ব্যৱসায়ক ডিজিটেল ৰূপলৈ পৰিৱৰ্তিত কৰাৰ ক্ষেত্ৰত সহায় কৰা।
আৰু চাওক
পৰৱৰ্তী বাতৰি