• Home
  • »
  • News
  • »
  • nation
  • »
  • কেৱল শ্বিলঙেই কিয়? ‌উৎকট গৰমত আপুনি যাব পাৰে এই স্থানলৈও, পাব শ্বিলঙৰ দৰেই পৰিৱেশ

কেৱল শ্বিলঙেই কিয়? ‌উৎকট গৰমত আপুনি যাব পাৰে এই স্থানলৈও, পাব শ্বিলঙৰ দৰেই পৰিৱেশ

অসমৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা মাত্ৰ ত্ৰিশ কিলোমিটাৰ নিলগত আছে এই বিশেষ ঠাইখন।

অসমৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা মাত্ৰ ত্ৰিশ কিলোমিটাৰ নিলগত আছে এই বিশেষ ঠাইখন।

অসমৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা মাত্ৰ ত্ৰিশ কিলোমিটাৰ নিলগত আছে এই বিশেষ ঠাইখন।

  • Share this:
উৎকট গৰমৰ দিন কেইটাত শ্বিলং-চেৰাপুঞ্জীলৈ যাবলৈ নিশ্চয় আপোনাৰো মন যায়। কিন্তু আপুনি এতিয়া শ্বিলং-চেৰাপুঞ্জীলৈ নগৈ অসমৰ চুবুৰীয়া ৰাজ্য বিশেষকৈ শিৱসাগৰ আৰু যোৰহাট জিলাৰ লোকসকলৰ বাবে আছে এডোখৰ সুন্দৰ মনোমোহা ঠাই। য'ত আপুনি শ্বিলং-চেৰাপুঞ্জীৰ দৰে একে পৰিৱেশৰ অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হ'ব।

অসমৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা মাত্ৰ ত্ৰিশ কিলোমিটাৰ নিলগত আছে এই বিশেষ ঠাইখন। নগালেণ্ডৰ মুককচোং (MOKOKCHUNG) জিলাৰ টুলি (TULI) মহকুমাৰ অন্তৰ্গত  কাংটচুং (KANGTSUNG) গাঁৱৰ লংচাপাং (LONGSAPANG) নামৰ পাহাৰীয়া অঞ্চলটো প্ৰাকৃতিকভাৱে অতি মনোমোহা এটা অঞ্চল। উক্ত অঞ্চলটো গ্ৰীষ্মকালীন সময়খিনিত শ্বিলং-চেৰাপুঞ্জীৰ দৰে একে পৰিৱেশ দেখিবলৈ পোৱা যায়।



পাহাৰৰ শীৰ্ষত থকা এই অঞ্চলটোৰ পৰা বতৰ ফৰকাল থাকিলে দেখা পোৱা যায় শিৱসাগৰৰ শিৱদৌলৰ লগতে শিৱসাগৰ নগৰ, গেলেকীকে ধৰি কেইবাটাও অঞ্চল। অঞ্চলটো অধিকাংশ সময় ডাৱৰে আৱৰি ৰখা ফলত চিপচিপীয়া বৰষুণ হৈ থকাৰ লগতে চেঁচা বতাহ বলি থাকে। যিটো সাধাৰণতে শ্বিলং বা চেৰাপুঞ্জীত পৰিলক্ষিত হয়।

উক্ত অঞ্চলটো পৰ্যটন ক্ষেত্ৰৰূপে গঢ় দিবলৈ স্থানীয় উদ্যমী কেইগৰাকীমান নগা লোকে ব্যক্তিগতভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে। নগালেণ্ড আৰক্ষীৰ এজন আৰক্ষী বিষয়াই নিজৰ পুত্ৰৰ সোঁৱৰণত (LONGSAPANG) লংচাপাং অঞ্চলৰ ভিউ পইণ্টত চেণ্টিমেৰেন মেম'ৰিয়েল টাৱাৰ( Sentimeren Memorial Tower) নামেৰে পৰ্যটকৰ সুবিধাৰ্থে এটা তিনিমহলীয়া পকী টাৱাৰ নিৰ্মাণ কৰি দিছে।



উল্লেখযোগ্য যে, উক্ত ঠাইৰ পৰিৱেশ উপভোগ কৰিবলৈ নগালেণ্ডৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে অসমৰো বহু লোকৰ আগমন হয়। আপুনি যদি এই অঞ্চলটোলৈ যাবলৈ বিচাৰে তেন্তে আপুনি শিৱসাগৰ জিলাৰ আমগুৰি আৰু মোককচুং সংযোগী ২নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ টুলিত উপস্থিত হ'ব লাগিব। টুলী নগৰৰ পৰা প্ৰায় ১৫ কিলমিটাৰ দূৰত্বত থকা কাংটচুং  (KANGTSUNG) গাঁওখনত উপস্থিত হ'ব লাগিব।

মন কৰিবলগীয়া যে কাংটচুং (KANGTSUNG) নগালেণ্ডৰ এখন অতিকৈ ভিতৰুৱা গাঁও হ'লেও গাওঁখনৰ নৈসৰ্গিক সেউজ পৰিৱেশৰ লগতে পৰিপাটি আৰু চাফ চিকুনতাই আপোনাৰ মন চুই যাব। নগালেণ্ডৰ স্থানীয় নগা লোকসকলে অঞ্চলটোক পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰ ৰূপে গঢ় দিবলৈ দীৰ্ঘদিনৰ পৰা চেষ্টা কৰি অহা লগতে নগালেণ্ড চৰকাৰক এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰি আহিছে। স্থানীয় লোকসকলে আশা কৰিছে তেওঁলোকৰ অঞ্চলটোও এদিন শ্বিলং-চেৰাপুঞ্জীৰ দৰে পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব।
Published by:Sanjay Kumar Das
First published: