মোদী চৰকাৰৰ আঁচনি, এটকাত লাভ কৰক ২লাখ টকাৰ মৃত্যু বীমা

মাহে মাত্ৰ এটকা আদায় দি ২লাখ টকা পৰ্যন্ত জীৱন বীমাৰ সুবিধা প্ৰদান কৰিছে মোদী চৰকাৰে।

news18
Updated:May 30, 2019, 1:03 PM IST
মোদী চৰকাৰৰ আঁচনি, এটকাত লাভ কৰক ২লাখ টকাৰ মৃত্যু বীমা
মাহে মাত্ৰ এটকা আদায় দি ২লাখ টকা পৰ্যন্ত জীৱন বীমাৰ সুবিধা প্ৰদান কৰিছে মোদী চৰকাৰে।
news18
Updated: May 30, 2019, 1:03 PM IST
সাধাৰণ মানুহৰ সুবিধাৰ প্ৰতি লক্ষ্য কৰি মোদী চৰকাৰে জীৱন বীমাৰ আৰম্ভনি কৰিছিল। কিন্তু বীমা ক্ৰয় কৰিবলৈ যাওঁতে মানুহে সদায় হেঁহো–নেহো কৰে ইয়াৰ বিনিময়ত আদায় দিব লগীয়া টকাৰ কথা চিন্তা কৰি। দৰিদ্ৰ মানুহৰ কাৰণে বীমা ক্ৰয় কৰাটো এক প্ৰকাৰৰ বিলাসীতাই! এই কথালৈ ধ্যান দি আৰম্ভ কৰা হৈছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনি। এই আঁচনিৰ অধীনত মাহে মাত্ৰ এটকা প্ৰদান কৰি ২লাখ টকাৰ মৃত্যু বীমা লাভ কৰিব এজন ব্যক্তিয়ে। অৰ্থাৎ বছৰত মাত্ৰ ১২টকা খৰছ কৰি আপুনি ২লাখ টকাৰ মৃত্যু বীমা লাভ কৰিব পাৰে।

কেনেকৈ উঠাব এই বীমাৰ লাভ?

অনলাইন অথবা বেংকলৈ গৈ আপুনি প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (PMSBY)ৰ প্ৰ–পত্ৰ পূৰণ কৰিব পাৰে। পাব্লিক ছেক্টৰৰ লগতে প্ৰাইভেট বেংকেও নিজৰ ৱেবছাইটত ইয়াৰ সকলো তথ্য প্ৰদান কৰিছে। এই আঁচনি গ্ৰহণ কৰিবলৈ এজন ব্যক্তিৰ নিজৰ বেংক একাউণ্ট থকাটো প্ৰয়োজন। বেংক একাউণ্টৰ পৰা প্ৰীমিয়ামৰ টকা পোনে পোনে কৰ্তন হ’ব। ইয়াৰ লগতে এই আঁচনিৰ সৈতে সম্পৰ্কিত প্ৰ–পত্ৰ www.jansuraksha.gov.in ৰ পৰা ডাউনলোড কৰি বেংকত জমা কৰিব পাৰে।

১৮ বছৰৰ পৰা ৭০ বছৰৰ ব্যক্তিয়ে গ্ৰহণ কৰিব পাবে বীমা

প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনি গ্ৰহণ কৰিবলৈ আৱেদনকৰ্তাৰ বেংক একাউণ্ট থকাটো বাঞ্চনীয়। নূন্যতম বয়স ১৮বছৰ  হ’ব লাগিব। এই বীমা গ্ৰহণ কৰাৰ সৰ্বোচ্ছ বয়সৰ সীমা ৭০বছৰ। অৰ্থাৎ যদি আপুনি এই বীমা ১৮বছৰ বয়সত ক্ৰয় কৰে আপোনাৰ ৭০বছৰ বয়সলৈ আপুনি মাত্ৰ ৬২৪টকা আদায় দিব লাগিব। কিন্তু এই নগন্য ধনৰ বিনিময়ত আপুনি ২লাখ টকাৰ বীমা লাভ কৰিব। আপোনাৰ পৰিয়ালে এই টকা আপোনাৰ মৃত্যুৰ পিছত লাভ কৰিব।

বেংকে নিজে গৈ আদায় দিছিল ধন

বিগত বৰ্ষত অৰ্থাৎ ২০১৮চনত হিমাচল প্ৰদেশৰ চিৰমৌৰ জিলাত এজন ব্যক্তিৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ পৰিয়ালে ২লাখ টকাৰ ধন লাভ কৰে। সেই ব্যক্তিজনে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনিৰ অধীনত ১২টকা বেংকত জমা দিছিল। বেংকে বীমা গ্ৰহণ কৰা ব্যক্তিজনৰ মৃত্যুৰ বিষয়ে জানিব পৰা তেওঁৰ পৰিয়ালক যোগাযোগ কৰে আৰু চেকৰ দ্বাৰা দুই লাখ টকা আদায় দিয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি