বুধবাৰে News18 Network–এ আয়োজিত ‘ৰাইজিং ইণ্ডিয়া’ ছামিটত বিদেশ মন্ত্ৰী এছ জয়শংকৰক ‘ৰকষ্টাৰ’ আখ্যা দিলে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে।
ছামিটত মত বিনিময় কৰে দুয়োগৰাকী নেতাই। দুয়োগৰাকীয়ে হাতত হাত ধৰি একেলগে বন্দী হ’ল লেন্সত। জয়শংকৰক উদ্দেশ্যি পীয়ুষ গোৱেলে কয়, ‘বছ, আপুনি এজন ৰকষ্টাৰ। আমি আপোনাক অনুসৰণ কৰিম।’
ছামিটৰ মঞ্চত একাধিক বিষয়ত নিজৰ বক্তব্য দাঙি ধৰে পীয়ুষ গোৱেলে। নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ ওপৰত বিৰোধীৰ আক্ৰমণ, ৰাহুল গান্ধীক লৈ সৃষ্টি হোৱা বিতৰ্ক, উদ্ধৱ থাকৰে আৰু একনাথ শিন্দেৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা, এইসমূহ বিষয়ত মন্তব্য কৰে তেওঁ।
বিৰোধী দল কংগ্ৰেছক লৈ মন্তব্য কৰিলে পীয়ুষ গোৱেলবে। তেওঁ কয়, ‘‘২০১৪ চনৰ পৰা তেওঁলোকে গণতন্ত্ৰৰ ওপৰত আক্ৰমণ চলাইছে। কিন্তু ভাৰতৰ গণতন্ত্ৰ সুৰক্ষিত আছে। মানুহে তেওঁলোকৰ ৰায় জনাই দিছে। উত্তৰ–পূবৰ তিনি ৰাজ্যক চাওক য’ত বিজেপি ক্ষমতালৈ আহিছে। মানুহ আমাৰ সৈতে আছে।’’
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 29, 2023, 17:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।