ননভেজসকলৰ মন মৰহি যাব এই খবৰ জানিলে! অহা ১০ এপ্ৰিললৈকে বন্ধ সকলো মাংসৰ দোকান। উত্তৰপ্ৰদেশ চৰকাৰে লৈছে এই সিদ্ধান্ত। পিছে কিয় বন্ধ থাকিব সকলো মাংসৰ দোকান?
চৰকাৰৰ নিৰ্দেশত, খাদ্য সুৰক্ষা বিভাগক নৱৰাত্ৰিৰ সময়ত অৰ্থাৎ ৯ দিনৰ বাবে সকলো অঞ্চলত মাংসৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। খাদ্য সুৰক্ষা বিভাগেও চৰকাৰৰ নিৰ্দেশত সাজু কৰি তুলিছে বিশেষ টীম।
এই টীম শুকুৰবাৰে ৰাজ্যখনৰ প্ৰায় প্ৰতিটো অঞ্চলতে উপস্থিত হৈ মাংসৰ দোকান বন্ধ কৰায়। আৰু অবৈধ ভাবে কোনো লোকে মাংসৰ দোকান খুলিলে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি জনায়।সকলো মাংসৰ দোকান পৰৱৰ্তী ৯ দিনৰ বাবে বন্ধ থাকিব।
উল্লেখ্য যে, নৱৰাত্ৰি শনিবাৰৰ পৰা আৰম্ভ হ'ব। এই ৯ দিনত, হিন্দু ধৰ্ম অনুসৰি, মা দুৰ্গাক বিভিন্ন প্ৰকাৰে পূজা কৰা হ'ব। তাৰ পিছত, নৱৰাত্ৰিৰ অনুষ্ঠান কন্যা পূজন প্ৰদৰ্শন কৰি সমাপ্ত হ'ব। এই দিনকেইটাত বেছিভাগ লোকে ৯ দিন উপবাস ৰাখি মাতৃ ভাগৱতীৰ উপাসনা কৰে। সনাতন ধৰ্মৰ মতে, আজিকালি কেৱল সাতভিক খাদ্য পৰিৱেশন কৰা হয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|