Network 18 গ্ৰুপৰ এডিটৰ-ইন-চীফ ৰাহুল যোশীৰে মনোনয়ন দিয়াৰ পিছতে যোগীয়ে তেওঁৰ প্ৰথমটো সাক্ষাৎকাৰ প্ৰদান কৰে।
Network 18 গ্ৰুপৰ এডিটৰ-ইন-চীফ ৰাহুল যোশীৰে মনোনয়ন দিয়াৰ পিছতে যোগীয়ে তেওঁৰ প্ৰথমটো সাক্ষাৎকাৰ প্ৰদান কৰে।
সমাগত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন। ভোটগ্ৰহণৰ দিন ওচৰ চাপি অহাৰ লগে লগে ৰাজ্যখনৰ নিৰ্বাচনক লৈ ৰাজ্যখনৰ নাগৰিকৰ লগতে দেশৰ ৰাজনৈতিক পৰিৱেশতো ই ব্যাপক কৌতূহলৰ বিষয় হৈ উঠিছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শুক্ৰবাৰে তেওঁৰ জন্মস্থান গোৰখপুৰৰ পৰা বিধায়ক প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছিল। Network 18 গ্ৰুপৰ এডিটৰ-ইন-চীফ ৰাহুল যোশীৰে (Network18 Group Editor-in-Chief Rahul Joshi) মনোনয়ন দিয়াৰ পিছতে যোগীয়ে তেওঁৰ প্ৰথমটো সাক্ষাৎকাৰ (first interview after filing nomination) প্ৰদান কৰে। এই গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য আগবঢ়ায়।
প্ৰশ্নোত্তৰ কালত উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে ৰাষ্ট্ৰীয় জনতা দলৰ জয়ন্ত চৌধুৰীৰ মিত্ৰতা, বৰ্তমানৰ বিজেপিৰ পৰা অ'বিচি নেতাসকলৰ পদত্যাগ আৰু কৃষি আইন বিৰোধী আন্দোলনে নিৰ্বাচনৰ ওপৰত কোনো প্ৰভাৱ নপৰে মুখ্যমন্ত্ৰী যোগীয়ে (Chief Minister Yogi Adityanath) প্ৰকাশ কৰে। তেওঁৰ মতে বিজেপিয়ে এই নিৰ্বাচনতো ৩০০তকৈ অধিক আসন লাভ কৰি ক্ষমতাত বহিব। একে সময়তে যোগীয়ে মুছলমানসকলৰ বিষয়ে উল্লেখ কৰি সম্প্ৰদায়টোৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
গোৰখপুৰ (Gorakhpur)ৰ গোৰখনাথ মন্দিৰত হোৱা সাক্ষাৎকাৰত যোগী আদিত্যনাথে মুছলমান নেতা, মজলিস দলৰ সভাপতি তথা হায়দৰাবাদৰ সাংসদ আছাদউদ্দিন ওৱেছী ( AIMIM president Asaduddin Owaisi)ৰ বাহনত অলপতে হোৱা আক্ৰমণক গৰিহণা দিয়ে। কিন্তু যোগীয়ে লগতে ওৱেছীক নিৰ্বাচনী ভাষণত জনসাধাৰণৰ অনুভূতিক আঘাত নকৰিবলৈও সাৱধান হোৱা উচিত বুলি প্ৰকাশ কৰে। আনহাতে উত্তৰ প্ৰদেশত মুছলমানসকলৰ অৱস্থাক লৈ চৰ্চা হোৱাৰ লগতে বিৰোধীয়েও এই সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰা সন্দৰ্ভত মুছলমানৰ সৈতে তেওঁৰ সম্পৰ্ক কেনে বুলি সোধাত তেওঁ কয়- 'মুছলমানসকলৰ সৈতে আমাৰ সম্পর্ক খুব স্পষ্ট। তেওঁলোকে (মুছলমানসকলে) মোৰ সৈতে যেনে সম্পৰ্ক কৰে, মোৰো তেওঁলোকৰ সৈতে একেধৰণৰ সম্পৰ্ক।(My Relationship With Muslims is Same as Their Relationship With Me)"
যোগীয়ে কয় যে উত্তৰ প্ৰদেশত যোৱা পাঁচ বছৰত ব্যাপক পৰিৱৰ্তন ঘটিছে, ৰাজ্যখনত বিনিয়োগৰ পৰিসৰ বৃদ্ধি পাইছে আৰু চাকৰি সৃষ্টি স্বচ্ছভাৱে উন্নত হৈছে। মুখ্যমন্ত্ৰী যোগীয়ে বিজেপি চৰকাৰে জলসিঞ্চন, শস্যৰ বাবে সমৰ্থন মূল্য, ঋণ আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ দৰে আঁচনিৰ সৈতে কৃষকসকলৰ কল্যাণৰ বাবে কাম কৰিছে আৰু এতিয়া মহিলাসকল উত্তৰ প্ৰদেশত সুৰক্ষিত আৰু মহিলাসকলক আৰ্থিকভাৱে স্বতন্ত্ৰ কৰাৰ প্ৰচেষ্টা সফলতাৰে চলি আছে বুলি উল্লেখ কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|