মুখ্যপৃষ্ঠা »খবৰ »দেশ »Yogi Adityanath Interview : 'চিনেমাত এনে দৃশ্য থাকিব নালাগে, যিয়ে মানুহৰ আৱেগক আঘাত কৰে', বৰ্জনৰ ৰাজনীতিক লৈ যোগীৰ প্ৰতিক্ৰিয়া

Yogi Adityanath Interview : 'চিনেমাত এনে দৃশ্য থাকিব নালাগে, যিয়ে মানুহৰ আৱেগক আঘাত কৰে', বৰ্জনৰ ৰাজনীতিক লৈ যোগীৰ প্ৰতিক্ৰিয়া

উত্তৰ প্ৰদেশ চৰকাৰে এখন ‘বিশ্ব মানৰ’ চলচ্চিত্ৰ চহৰ নিৰ্মাণৰ প্ৰকল্প হাতত লৈছে।

উত্তৰ প্ৰদেশ চৰকাৰে এখন ‘বিশ্ব মানৰ’ চলচ্চিত্ৰ চহৰ নিৰ্মাণৰ প্ৰকল্প হাতত লৈছে।

উত্তৰ প্ৰদেশ চৰকাৰে এখন ‘বিশ্ব মানৰ’ চলচ্চিত্ৰ চহৰ নিৰ্মাণৰ প্ৰকল্প হাতত লৈছে।

  • Share this:

আকৌ 'পাঠান' চিনেমাৰ প্ৰসংগ। বাদশাহ শ্বাহৰুখ খানৰ এই চিনেমাখনক লৈ প্ৰথমটো গান ওলোৱাৰ লগে লগে দেশজুৰি বিতৰ্ক হৈছিল। তাৰ কাৰণ আছিল গীতটোৰ এটা দৃশ্যত এটা বিশেষ ৰঙৰ পোছাক পৰিধান কৰা। এই পাঠান বিতৰ্কৰ প্ৰসংগতে আজি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে Network18ৰ মুখ্য সম্পাদক ৰাহুল যোশীৰ সৈতে হোৱা সাক্ষাত্‍কাৰত ক'লে চিনেমা বয়কটৰ প্ৰসংগ।


পাঠান চিনেমাখনত ''বেচৰম'' গীতৰ দৃশ্যত অভিনেত্ৰী দীপিকা পাডুকনক গেৰুৱা ৰঙৰ পোছাক পিন্ধি নাচি থকা দেখা গৈছিল। তাৰ পিছতে সেই দৃশ্যক লৈ ঘৰুৱা ৰাজনীতিও গৰম হৈছিল।


কেইবাটাও হিন্দুত্ববাদী সংগঠনে শ্বাহৰুখৰ চিনেমা 'পাঠান' (Pathaan) বৰ্জনৰ পথ গ্ৰহণ কৰিছিল। প্ৰতিবাদ অব্যাহত থাকে। অৱশেষত চিনেমাখনৰ নিৰ্মাতাসকলে সেই দৃশ্যটোও বাদ দিয়াৰ সিদ্ধান্ত লয়। কিন্তু, তেতিয়াও প্ৰতিবাদৰ জুই জ্বলি থাকিল। পৰিস্থিতি এনে এটা পৰ্যায় পায়গৈ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ কাৰ্যকৰী সমিতিৰ বৈঠকত কোনো চিনেমা বা অভিনেতা সন্দৰ্ভত বিতৰ্কিত মন্তব্য নকৰিবলৈ দলৰ সদস্যসকলক পৰামৰ্শ দিয়ে।


সোমবাৰে নিউজ ১৮ৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰটোত (Yogi Adityanath Interview) যোগী আদিত্যনাথে এই বৰ্জন-ৰাজনীতি সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে।
আজি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক এই সন্দৰ্ভত সোধাত তেওঁ কয়, "চিনেমাত এনে দৃশ্য নিৰ্মাতাসকলে কেতিয়াও ৰাখিব নালাগে, যিয়ে মানুহৰ আৱেগক আঘাত কৰে।" তেওঁৰ মতে, মানুহে অভিনেতা, প্ৰযোজকক যিদৰে সন্মান কৰে, তেওঁলোকে মানুহৰ আৱেগকো সন্মান কৰা উচিত। ইয়াৰ বাহিৰেও তেওঁৰ মতে ভাৰতীয় চিনেমা কেৱল অৰ্থনৈতিকভাৱেই নহয়, সাংস্কৃতিক দিশতো দেশৰ এক গুৰুত্বপূৰ্ণ অংশ।


প্ৰসংগক্ৰমে উত্তৰ প্ৰদেশ চৰকাৰে এখন ‘বিশ্ব মানৰ’ চলচ্চিত্ৰ চহৰ নিৰ্মাণৰ প্ৰকল্প হাতত লৈছে। শেহতীয়াকৈ যোগী আদিত্যনাথ ইয়াৰ সৈতে মুম্বাইলৈ গৈছিল।

শেহতীয়া বাতৰি