• Home
  • »
  • News
  • »
  • nation
  • »
  • হোলীৰ পিছতে যোগী আদিত্যনাথৰ শপতগ্ৰহণ অনুষ্ঠান, উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

হোলীৰ পিছতে যোগী আদিত্যনাথৰ শপতগ্ৰহণ অনুষ্ঠান, উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আজি যোগী আদিত্যনাথে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।

আজি যোগী আদিত্যনাথে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।

আজি যোগী আদিত্যনাথে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।

  • Share this:
একেৰাহে দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ ক্ষমতা দখল কৰিলে বিজেপিয়ে। ৰাজ্যখনত এতিয়া চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে দলটো। জানিব পৰা মতে, হোলীৰ পিছতে দ্বিতীয়বাৰলৈ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত লব  যোগী আদিত্যনাথে। অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

যোগীৰ শপতগ্ৰহণ অনুষ্ঠানত প্রধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপি ৰাষ্ট্ৰীয় সভাপতি, সকলো কেন্দ্ৰীয় মন্ত্ৰী তথা সকলো বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

ইফালে আজি যোগী আদিত্যনাথে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। শুকুৰবাৰে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যপাল আনন্দীবেন পেটেলক ৰাজভৱনত সাক্ষাৎ কৰে আৰু নতুন চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিবলৈ পদত্যাগ পত্ৰ অৰ্পণ কৰে।

ৰাজভৱনে জাৰি কৰা এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি, ৰাজ্যপালে আদিত্যনাথৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে আৰু পৰৱৰ্তী চৰকাৰ গঠন নোহোৱা পৰ্যন্ত তেওঁক চৰকাৰ চলাই নিবলৈ অনুৰোধ জনায়।

উল্লেখ্য যে, সদ্য ঘোষিত উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি বিজেপিয়ে ২৫৫ খন আসন দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে মিত্ৰদল অপনা দল আৰু নিষাদ পাৰ্টীয়ে ছখনকৈ আসন দখল কৰিবলৈ সক্ষম হয়।
Published by:Himangshu Bhuyan
First published: