শুকুৰবাৰে দ্বিতীয়বাৰলৈ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব যোগী আদিত্যনাথে। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে প্ৰায় সংখ্যক কেন্দ্ৰীয় মন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব যোগীৰ শপতগ্ৰহণ অনুষ্ঠানত।
পিছে এইবাৰ যোগী মন্ত্ৰীসভাত কিমান জন মন্ত্ৰী থাকিব আৰু কাৰ পাখি কটা যাব, কিমান জন উপ মুখ্যমন্ত্ৰী থাকিব, বৰ্তমান সকলোৰে মনত এই প্ৰশ্ন। একে সময়তে নতুন চৰকাৰত কেশৱ প্ৰসাদ মৌৰ্যৰ ভূমিকা কি হ'ব আৰু এই সময়ত দিনেশ শৰ্মা কি ভূমিকাত পাৱন কৰিব, সেইলৈও দৃষ্টি থাকিব সকলোৰে।
জানিব পৰা মতে, এই বিষয়ে বিজেপিৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। কিন্তু যোগী মন্ত্ৰীসভাত বিশেষ পৰিৱৰ্তন নহ'ব বুলি ৰাজনৈতিক পৰ্য্যবেক্ষক সকলে দাবী কৰিছে। এইবাৰো ২০১৭ চনৰ যোগী কেবিনেটৰ আধাৰত মন্ত্ৰী পৰিষদ গঠন কৰা হ'ব। ইফালে আজিৰ শপতগ্ৰহণ অনুষ্ঠানলৈ দ্যা কাশ্মীৰ ফাইল নামৰ ছবিখনৰ কলা-কৌশলীসকলকো আমন্ত্ৰণ জনোৱা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|